চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক

চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমক বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত চি বি আইয়ে গ্ৰেপ্তাৰ কৰে ৷ আই এন এক্স গোচৰত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী চিদাম্বৰম ৷ ইফালে এই ঘটনা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে আগতীয়া জামিন অগ্ৰাহ্য কৰিছিল ৷ আনহাতে বুধবাৰে বিয়লি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিছিল।

ইয়াৰ পিছতেই নিজ বাসগৃহলৈ ওভোতাৰ কিছু সময়ৰ পিছতেই চি বি আই আৰু ই ডিয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক ৷চি বি আইয়ে চিদাম্বৰমক এখন বগা ৰঙৰ বাহনত উঠায় লৈ যায় যদিও কংগ্ৰেছৰ নেতা কৰ্মীসকলে চি বি আইৰ বাহন খন আগচি ধৰে ৷এক বিশেষ সূত্ৰ মত অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিভিন্ন প্ৰশ্ন কৰাৰ মুহুৰ্তত চি বি আইৰ নিৰ্দেশক ঋষি কুমাৰ শুক্লা চি বি আইৰ কাৰ্যালয়ত উপস্থিত আছিল ৷

যাৱতীয় সকলো কাৰ্য কৰাৰ পিছত চিদাম্বৰমক গ্ৰেপ্তাৰ কৰা হয় আৰু বৃহস্পতি বাৰ অৰ্থাৎ আজি আদালতত উপস্থিত কৰোৱা হ’ব। চিদাম্বৰমক গ্ৰেপ্তাৰ কৰাৰ সময়ত কংগ্ৰেছৰ কৰ্মীসকলে কৰিব পৰা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিত বাধাৰ দিবৰ কাৰণে সস্ত্ৰম হৈ থাকে দিল্লী আৰক্ষী ৷এক বিশেষ সূত্ৰ মত অনুসৰি চিদাম্বৰমৰ লগত গ্ৰেপ্তাৰৰ সময়ত অধিবক্তাৰ এটি দল উপস্থিত আছিল ৷

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে মংগলবাৰে চিদাম্বৰমৰ আগতীয়া জামিন আবেদন খাৰিজ কৰাৰ পিছতেই চি বি আইৰ এটি দলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহৰ বাহিৰত তীক্ষ্ণ দৃষ্টি ৰাখে ।উল্লেখ্য যে ইউ পি এ চৰকাৰৰ আমোলত পি চিদাম্বৰম প্ৰথম অৱস্থাত গৃহ দপ্তৰৰ দায়িত্ব চম্ভালাৰ লগত পৰৱৰ্তী সময়ত বিত্তমন্ত্ৰীৰূপে কাৰ্য নিৰ্বাহ কৰিছিল ৷

মংগলবাৰে আই এন এক্স মিডিয়া গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে চিদাম্বৰমৰ আগতীয়া জামিন খাৰিজ কৰি দিয়াত বুধবাৰে পুৱা তেওঁৰ আইনজীৱীসকল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ আনহাতে ড° মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা সময়ত আই এন এক্স মিডিয়াক ৩০৫ কোটি টকাৰ বিদেশী মুদ্ৰা বিনিয়োগৰ ক্ষেত্ৰত তদানীন্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে বে আইনী ভাৱে অনুমতি প্ৰদান কৰিছিল৷ এই সন্দৰ্ভত আই এন এক্স মিডিয়া গোচৰটোত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ পুত্ৰ কাৰ্টি চিদাম্বৰমৰ নাম জৰিত হৈ পৰিছে।

চি বি আই বিশেষে আদালতে প্ৰাক্তন INX মেডিয়াৰ পৰিচালিকা ইন্দ্ৰানী মুখাৰ্জীক INX মেডিয়াৰ গোচৰত ৰাজসাক্ষী হবলৈ অনুমতি প্ৰদান কৰে। এই মেডিয়াৰ গোচৰত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ আৰু সাংসদ কাৰ্টি চিদাম্বৰম জৰিত হৈ আছে।চি বি আইৰ বিচাৰক অৰুন ভৰদ্বাজে ইন্দ্ৰানী মুখাৰ্জীৰ ৰাজসাক্ষী হবলৈ বিচৰা আবেদন গ্ৰহণ কৰি অনুমতি প্ৰদান কৰে। কোৰ্টে লগতে ইন্দ্ৰানী মুখাৰ্জীৰ ক্ষমাৰ আবেদনো অনুমতি প্ৰদান কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com