Begin typing your search above and press return to search.

সমাপ্ত হ’ল চৰ্চিত ছপাক ছবিৰ দৃশ্য গ্ৰহণ: উৎসুক অনুৰাগী

সমাপ্ত হ’ল চৰ্চিত ছপাক ছবিৰ দৃশ্য গ্ৰহণ: উৎসুক অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 1:06 PM GMT

সমাপ্ত হ’ল চৰ্চিত ছপাক ছবিৰ দৃশ্য গ্ৰহণ । বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ চৰ্চিত ছবি ছপাকৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ল ।মংগলবাৰে ছবিখনৰ কৰ্ম কৰ্তাসকলে একেলগে ফটো আগবঢ়াই অনুৰাগীলৈ ৷ ইফালে দীপিকা পাডুকনে ছবিখনৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ ফটো ইনষ্টাগ্ৰামত অনুৰাগীলৈ আগবঢ়াইছে ৷ আৰু দীপিকা পাডুকনৰ এই ফটোত প্ৰথম মন্তব্য আগবঢ়াইছে দীপিকা পাডুকনৰ স্বামী ৰনৱীৰ সিঙে।

https://www.instagram.com/p/ByS89rsACu8/

ইফালে দিপীকা পাডুকনৰ অনুৰাগীসকল অভিনেত্ৰী গৰাকীক চাবলৈ এতিয়াও উৎসুক হৈ আছে ৷ ইফালে ছপাক ছবিৰ দৃশ্যগ্ৰহণ হৈছিল দিল্লীত ৷ সেয়েহে দীপিকা পাদুকনক চাবলৈ দৃশ্যগ্ৰহণ স্থলীত ভিৰ কৰিছিল অনুৰাগীসকলে। এক বিশেষ তথ্য অনুসৰি নিৰ্মাতাসকলে সম্প্ৰতি দিল্লীত দৃশ্য গ্ৰহণ কৰাৰ পিছত নয়ডাত দৃশ্যগ্ৰহণ কৰাৰ কাৰণে গমন কৰিছিল ৷ ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ সম্প্ৰতি লক্ষ্মী আগৰৱালে এচিড আক্ৰমণৰ সন্মুখীন হোৱা সকলৰ হৈ কাম কৰাৰ লগতে,আৰু যাতে এনে ধৰণৰ ঘটনা আৰু সংঘটিত নহয় তাৰ প্ৰতি সজাগ সৃষ্টি কৰে ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সদ্য বিবাহিত অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰনবীৰ কাপুৰ দুয়ো একেলগে ছবিত অভিনয় কৰাৰ প্ৰস্তুতি কৰিছে।দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰে অভিনয় কৰিব লগীয়া ছবিখন পৰিচালনা কৰিব অনুৰাগ বাসয়ে ৷অনুৰাগ বাসুয়ে সম্প্ৰতি দুয়ো গৰাকী অভিনেতাৰ মতামতলৈ অপেক্ষা কৰি আছে ৷ ইফালে ৰনবীৰ কাপুৰে অনুৰাগ বাসুৰ জগ্গা জাছুছ আৰু বৰ্ফি ছবিত অভিনয় কৰিছিল ৷ কিন্তু দীপিকা পাডুকন প্ৰথমবাৰৰ কাৰণে অনুৰাগ বাসুৰ ছবিত অভিনয় কৰিব ৷ দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰক একেলগে শেষবাৰৰ কাৰণে ইমতিয়াজ আলীৰ তামাশা ছবিত দেখা গৈছিল।

উল্লেখ্য যে পূৰ্বতে ৰনবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু এই প্ৰেম বেছিদিন নাথাকিল ৷ৰনৱীৰ সিঙৰ লগত বিগত সময়ত বিবাহ হয় দীপিকা পাডুকনৰ ৷ আৰু বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টৰ লগত আকৌ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ৰনবীৰ কাপুৰৰ৷

ইফালে সম্প্ৰতি ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি