Begin typing your search above and press return to search.

কেন্দ্ৰীয় তীখা ৰাজ্য মন্ত্ৰী ফগ্গন সিং কুলস্তে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক

কেন্দ্ৰীয় তীখা ৰাজ্য মন্ত্ৰী ফগ্গন সিং কুলস্তে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jun 2019 6:40 AM GMT

কেন্দ্ৰীয় তীখা ৰাজ্য মন্ত্ৰী ফগ্গন সিং কুলস্তেৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে কেন্দ্ৰীয় তীখা ৰাজ্য মন্ত্ৰী ফগ্গন সিং কুলাস্তেক সাক্ষাৎ কৰি অসমত তীখা উদ্যোগ স্থাপন কৰিবলৈ আহ্বান কৰে ৷ শনিবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কুলস্তেই নিমন্ত্ৰণ কৰে ৷ আৰু দুয়োজনে অসমত তীখা উদ্যোগৰ সম্ভাৱনীয়তাৰ ওপৰত দীৰ্ঘলীয়া বাৰ্তালাপ কৰে ৷

সৰ্বানন্দ সোনোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ধিত তীখাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত অসমৰ তীখা উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে ৬ লাখ মেট্টিক টন তীখা ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ পৰা প্ৰতি বছৰে অঞ্চলটোৰ নিৰ্মাণ খণ্ডত ব্যৱহৃত হৈ আহিছে ৷

ইফালে কামৰূপ জিলাৰ দগাঁৱত ১০০ একৰ মাটিত বৰ্তমান পৰিত্যক্ত অৱস্থাত থকা উদ্যোগটি পুনৰোজ্জীৱিত কৰাৰ কথা উল্লেখ কৰে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আশ্বাস প্ৰদান কৰে যে অসমত তীখা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব ৷ অন্যহাতে বিগত বৰ্ষত হোৱা বিশ্ব বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এই সন্মিলনখনত ২৪০ খন বুজাবুজি চুক্তিৰ জৰিয়তে চৰকাৰী বেচৰকাৰী উদ্যোগ খণ্ডত ৭৯ হাজাৰ কোটি ব্যয় কৰাৰ বাবে বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানে আগ্ৰহ প্ৰকাশ কৰে। ইতিমধ্যে ইয়াৰ ৫২ হাজাৰ কোটি টকাৰ কাম কাজ আৰম্ভ হৈছে ।

সম্প্ৰতি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ পৰিসৰ বৃদ্ধি কৰিছে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে নৰেন্দ্ৰ মোডীয়ে প্ৰতি গৰাকী কেন্দ্ৰীয় মন্ত্ৰীক ১০০ দিনৰ কাৰ্যসূচীৰ ভিতৰত অন্তৰ্ভূক্ত কৰিবলৈ অনুৰোধ জনায় ৷ কেন্দ্ৰীয় মন্ত্ৰী কুলস্তেই কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তীখাৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অসমত তীখা উদ্যোগ এটা স্থাপনৰ বিষয়টো সক্ৰিয়ভাৱে বিবেচনা কৰিব ৷

ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰীজনে তেওঁৰ মন্ত্ৰ্যালয়ে দগাঁও তীখা উদ্যোগটো পুনৰুজ্জীৱিত কৰণ বিষয়টো অতি শীঘ্ৰে পৰ্যালোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত আছিল ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত হোৱা নিটি আয়োগৰ পঞ্চম কাৰ্যকৰী বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ সামগ্ৰিক বিকাশৰ কাৰণে পদক্ষেপ লোৱাৰ সম্পৰ্কে মন্তব্য কৰে ৷লগতে অসমৰ গৰাখহনীয়া সমস্যাক এছ ডি আৰ এফৰ নিয়মাৱলীত প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ দিশত নিটি আয়োগৰ হস্তক্ষেপ বিছাৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যৰ সামগ্ৰিক বিকাশৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

Next Story
চাকৰি