Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ডিমা হাছাও জিলাৰ সৰ্বাংগিন উন্নয়নত গুৰুত্ব প্ৰদান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ডিমা হাছাও জিলাৰ সৰ্বাংগিন উন্নয়নত গুৰুত্ব প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2019 9:49 AM GMT

মংগলবাৰে জনতা ভৱনৰ কনফৰেন্সৰ হলত ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় । ডিমা হাছাও উন্নয়নৰ বাবে বিভিন্ন দিশত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰলচায়ে প্ৰকাশ কৰে যে, জিলা খনৰ উন্নয়নৰ বাবে বিভিন্ন দিশৰ ধনৰ কথা উল্লেখ কৰা হৈছে । বহু শাখাৰ উন্নয়নৰ বাবে ধন, ৩ টা ব্লকৰ বাবে ধনৰ অনুমোদনৰ কথা উল্লেখ কৰা হৈছে । তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অনুৰোধ কৰে যে, MsDP ৰ লক্ষ্য হৈছে জিলাখনত সংখ্যালঘু গোষ্ঠীৰ সকলো দিশতে উন্নয়ন সাধন কৰা আৰু জিলা খনত সংখ্যালঘু সকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা কৰিবৰ বাবে অনুৰোধ কৰে। মংগলবাৰে জনতা ভৱনৰ কনফৰেন্সৰ হলত ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ সদস্য সকলৰ সৈতে ডিমা হাছাও জিলাৰ সৰ্বাংগিন উন্নয়নত গুৰুত্ব প্ৰদান কৰে|

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জিলা খনত পৰ্যটনৰ প্ৰকল্পৰ কথা বুজ লোৱাৰ লগতে ওমৰাংছুৰ "ৱাটাৰ এৰোদ্ৰোম" (Water aerodrome) প্ৰকল্পৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে পৰিষদক " বন্ধুত্ব " ৰ বাবে হল নিৰ্মাণৰ বাবে ভূমি নিদিষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে। এই হলটো ডিমা হাছাওৰ ১৯ টা জনগোষ্ঠী আৰু উপজাতি পূৰ্বপুৰুষ সকলৰ পূজাৰ বাবে নিৰ্মাণ কৰা হব ।

এই হলটো ভ্ৰমণ কৰিলে পৰ্যটক সকলে জাতিটোৰ বুৰঞ্জী আৰু পৰম্পৰা সম্পৰ্কে জ্ঞান লাভ কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : ছাত্ৰ ছাত্ৰীসকলক কঠোৰ শ্ৰম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Next Story
চাকৰি