Begin typing your search above and press return to search.

উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট নীতি নিয়মেৰে ১০ জন বিদেশীক মুক্তি

উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট নীতি নিয়মেৰে ১০ জন বিদেশীক মুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2019 5:32 AM GMT

উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট নীতি নিয়মেৰে ১০ জন বিদেশীক মুক্তি। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম সূচী প্ৰকাশ পাব অহা ৩১ আগষ্টত ৷ইয়াৰ কাৰণে সাজু হৈছে ৰাজ্য চৰকাৰৰ লগতে এন আৰ চিৰ প্ৰতিটো কামত ব্যস্ত হৈ থকা লোকসকল। বিগত তিনি বছৰে ছটা ডিটেশ্যন কেম্পত থকা বিদেশীসকলক মুকলি কৰিবৰ কাৰণে ৰাজ্যৰ চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এক বিশেষ সূত্ৰৰ মতে ইতিমধ্যে ১০ জন বিদেশীক উচ্চ ন্যায়ালয়ৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত গোৱালপাৰা ডিটেশ্যন কেম্পৰ পৰা মুকলি কৰা হৈছে। সেই সকলৰ ভিতৰত ৯ জন আছিল গোৱালপাৰা জিলাৰ আৰু এজন চিৰাং জিলাৰ ৷ উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ক তিনিবছৰতকৈ অধিক সময় বন্দী হৈ থকা বিদেশীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল ৷ইফালে ১১০০ জনৰ ভিতৰত ৩৩৫ জন লোকে শিবিৰত তিনি বছৰ সম্পূৰ্ণ কৰিলে। প্ৰক্ৰিয়া অনুসৰি,এনে ধৰণৰ ব্যক্তিসকলৰ ক্ষেত্ৰত তে

ওঁলোকৰ পৰিয়ালৰ লোকসকলে নিৰ্দ্ধাৰিত প্ৰপত্ৰৰ দ্বাৰা বিদেশী ন্যায়াধীকৰণত গৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। বিদেশী ন্যায়াধীকৰণৰ পিছত ব্যক্তিজনক জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ লগত সম্পৰ্ক কৰা প্ৰয়োজন ৷ শেষত সীমান্ত শাখাই সেই বিদেশীসকলক মুকলি কৰি দিবৰ কাৰণে শীৰ্ষ আদালতৰ দ্বাৰা নিৰ্ধাৰিত নীতি নিয়মক সমীক্ষা কৰে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে চলিত বৰ্ষৰ ২৯ জুলাইত এক অধিসূচনা জাৰি কৰে ৷ এই অধিসূচনা অনুসৰি যদি বিদেশী সকলে কিছুমান চৰ্ত মানি কেম্পত তিনি বছৰতকৈ অধিক সময় সম্পূৰ্ণ কৰে তেন্তে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে বিদেশীসকলক মুকলি কৰিব পাৰে।

অধিক খবৰৰ বাবে পঢ়ক:আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP Joypur unit organized Rain Forest Football Trophy

Next Story
চাকৰি