বায়ুতো জীয়াই থাকে মাৰাত্মক ক’ৰ’না ভাইৰাছ: বিশ্ব স্বাস্থ্য সংস্থা

বায়ুতো জীয়াই থাকে মাৰাত্মক ক’ৰ’না ভাইৰাছ: বিশ্ব স্বাস্থ্য সংস্থা

বায়ুতো জীয়াই থাকে মাৰাত্মক ক’ৰ’না ভাইৰাছ: বিশ্ব স্বাস্থ্য সংস্থা

বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ বায়ু বা বতাহত আঠ ঘণ্টা পৰ্যন্ত জীয়াই থাকে ৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই এই তথ্য প্ৰকাশ কৰিছে ৷ হুৱে প্ৰকাশ কৰা মতে, শেহতীয়া এক গৱেষণাত ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সংস্থাটোৱে জৰুৰী সেৱা তথা স্বাস্থ্য কৰ্মীসকলক এলানি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ ইয়াৰ অংশৰূপে চিকিৎসক তথা জৰুৰী সেৱাৰ কৰ্মীসকলক মাস্ক ব্যৱহাৰ কৰিবলৈ সংস্থাটোৱে আহ্বান জনাইছে ৷ কাৰণ এইসকল কৰ্মীয়ে কৰ্তব্যৰ তাগিদাত ঘৰৰ পৰা বাহিৰলৈ উলাব লাগিবই ৷ আনহাতে, আন লোকক পৰাক্ষপত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱা হৈছে ৷ অৰ্থাৎ অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা উলোৱা উচিত নহয় ৷ এনে অৱস্থাত বাহিৰলৈ উলালে অনবৰতে মাস্ক ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ৷ উল্লেখ্য যে শেহতীয়াভাবে ভাৰততো দ্ৰুতগতিত ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত ভাৰতত সাতজন লোকে প্ৰাণ হেৰুৱাইছে ৷ তদুপৰি তিনি লোক এই ৰোগত আক্ৰান্ত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com