জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমিত জিলাত স্বাস্থ্য সেৱা অত্যন্ত শোচনীয়

জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমিত জিলাত স্বাস্থ্য সেৱা অত্যন্ত শোচনীয়

জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমিত জিলাত স্বাস্থ্য সেৱা অত্যন্ত শোচনীয় ৷ ইফালে, নেশ্যনেল ৰুৱেল ড্ৰিকিং ৱাটাৰ প্ৰ’গ্ৰেমৰ নিৰ্দেশিকাই জাপানীজ এনকেফেলাইটিজ আৰু এনকেফেলাইটিজ সদৃশ ৰোগৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সাম্প্ৰতিক সময়ত জাপানীজ এনকেফেলাইটিজত বহু লোক আক্ৰান্ত হৈছে ৷

চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছত ১০০ ৰো অধিক লোক আক্ৰান্ত হৈছে ৷ চলিত বৰ্ষত ২৫ জুলাইলৈকে বৰপেটাত ৩৩৮৯ অঞ্চলৰ ভিতৰত ১৩৫৭ টা,ধেমাজীত ২৩৬৫ ৰ ভিতৰত ১১৬৫,ডিব্ৰুগড়ত ৫৫৭৪ টা অঞ্চলৰ ভিতৰত ৭০২৮,গোলাঘাটত ৪২০৭ৰ ভিতৰত ২৭৪৯,যোৰহাটত ২৯৫৮ ৰ ভিতৰত ২১২৫,লখীমপুৰত ২৬২১ টাৰ ভিতৰত ২২০০,শিৱসাগৰত ২৯৬৫ ৰ ভিতৰত ২৪১০,শোনিতপুৰত ২৭১৫ ৰ ভিতৰত ১৫৮৮,তিনিচুকীয়াত ৩২১৪ ৰ ভিতৰত ১২৬৯ , উদালগুৰিত ২৪২০ ৰ ভিতৰত ২৯৮ টা অঞ্চলত জাপানীজ এনকেফেলাইটিজ হয় ৷

ইফালে নেশ্যনেল ৰুৱেল ড্ৰিংকিং ৱাটাৰ প্ৰ’গ্ৰেমৰ অন্তৰ্গতত কিছুমান বিশেষ আঁচনি লোৱা হৈছে ৷ এই আঁচনিৰ আধাৰত সকলো অঞ্চলকে সাঙুৰি লোৱা হৈছে ৷স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঅসম বিধান সভাত বিভাগীয় কৰ্তৃপক্ষক ১ নবেম্বৰৰ পৰা জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে টীকাকৰণ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জাপানীজ একেফেলাইটিছক লৈ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । আৰু জেই ত যাতে মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব পাৰে তাৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷

যেতিয়া ২০০৬ চনত ড° হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ আছিল তেতিয়া পাঁচখন জিলা জেই ত প্ৰভাৱিত হৈছিল ৷ কিন্তু সম্প্ৰতি এই ৰোগে প্ৰায় ২৭ খন জিলাক প্ৰভাৱিত কৰাৰ উপৰিও আৰু অধিক জিলাত প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে ৷ জাপানীজ এনকেফেলাইটিছ সম্প্ৰতি ৰাজ্যৰ কাৰণে মহামাৰীত পৰিণত হৈছে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে সম্প্ৰতি অৰ্থাৎ চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছত ১২৫ জন লোকৰ মৃত্যু হৈছে ।

ইয়াৰ বিপৰীতে টীকাকৰণৰ কাৰণে জে ইত শিশুসকলৰ মৃত্যুৰ সংখ্যা সীমিত ৷ ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত লোকসকলৰ মাজত টীকাকৰণক লৈ বিভিন্ন ধাৰণা বিয়পি পৰিছিল ৷ জেইৰ কোনো চিকিৎসা নাই ৷টীকাকৰণৰ দ্বাৰা এই ৰোগক চিকিৎসা কৰিব পাৰি। ইফালে মন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে ১ নবেম্বৰৰ পৰা অনাগত টীকাকৰণ অভিযানৰ কাৰণে সকলো বিধায়কৰ সহিতে এক টাস্ক ফ’ৰ্চ গঠন কৰিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :

https://www.youtube.com/watch?v=nFXf4PVXpgs

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com