ক’ৱিড-১৯নিয়ন্ত্ৰণঃ মেঘালয় চৰকাৰক তুষ্ট নহ’বলৈ আহ্বান প্ৰখ্যাত মাইক্ৰ’বায়’লজিষ্টৰ

ক’ৱিড-১৯নিয়ন্ত্ৰণঃ মেঘালয় চৰকাৰক তুষ্ট নহ’বলৈ আহ্বান প্ৰখ্যাত মাইক্ৰ’বায়’লজিষ্টৰ

ক’ৱিড-১৯ নিয়ন্ত্ৰণত দেখুওবা ফলাফলক লৈ আত্মসন্তুষ্টিত নুভুগিবলৈ মেঘালয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দেশৰ এগৰাকী প্ৰখ্যাত বিশেষজ্ঞ চিকিৎসক তথা মাইক্ৰ’বায়’লজিষ্টে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন মাইক্ৰ’বায়’লজাষ্ট ডা ৰাজেশ এন চাৰনে কয় যে সম্প্ৰতি ক’ৱিড-১৯নিয়ন্ত্ৰণত মেঘালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াকে লৈ মেঘালয় চৰকাৰ আত্মসন্তুষ্টিত ভোগা উচিত নহয় বুলি মতপোষণ কৰি ডাঃ চাৰনে লগতে কয়, “ এই মহামাৰী সৃষ্টি। কৰিছে এবিধ নতুন ভাইৰাছে ৷ এতিয়া দেখা গৈছে চে এই ভাইৰাছে মানৱ শৰীৰত প্ৰৱেশ কৰাৰ দুসপ্তাহৰ পাছলৈকে ৰোগৰ কোনো লক্ষণ ফুটি নুঠিব পাৰে ৷ কিন্তু আইছ’লেচনত ১৪দিনৰ বাবেহে ৰখা হয়৷ গতিকে অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন ৷" নেহু বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছে ডাঃ চাৰন ৷ উল্লেখ্য যে মেঘালয়ত আৰু এজন ক’ৰ’না আক্ৰান্ত চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১২ লৈ বৃদ্ধি

মেঘালয়ত মুঠ আক্ৰান্ত ব্যক্তি হ’ল ১২ জন । ৰাজ্যখনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কথা সদৰী কৰিছে ৷

মেঘালয়ত ১৩ এপ্ৰিলত প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হয়। আক্ৰান্ত ব্যক্তিজন শ্বিলঙৰ বাথানী হাস্পতালৰ চিকিৎসক আছিল। প্ৰায় ৪৮ ঘন্টাৰ ভিতৰত লোকজনৰ মৃত্যু হয়।

ক’ৱিড-১৯ আক্ৰান্ত ১০ জন লোকৰ ভিতৰত দুজন চিকিৎসকগৰাকীৰ ঘৰুৱা সহায়ক আৰু বাকী ৮ জন পৰিয়ালৰ লোক। মুখ্যমন্ত্ৰী চাংমাই প্ৰকাশ কৰা অনুসৰি কোভিড-১৯ ৰ বাবে ৰাজ্য খনৰ ৮৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু তাৰ ভিতৰত ৭১৪ টা নিগেটিভ ওলোৱাৰ লগতে বাকী ১১৩ টাৰ প্ৰতিবেদন প্ৰকাশ পাবলৈ বাকী আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com