Begin typing your search above and press return to search.

বিগত দুদিনত জজমেন্টেল হ্যে কিয়াৰ উপাৰ্জন ৭ কোটি টকা

বিগত দুদিনত জজমেন্টেল হ্যে কিয়াৰ উপাৰ্জন ৭ কোটি টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2019 11:30 AM GMT

বিগত দুদিনত জজমেন্টেল হ্যে কিয়াই উপাৰ্জন কৰিলে সাত কোটি টকা ৷কংগনা ৰানাউট আৰু ৰাজকুমাৰ ৰাওৰ ছবি জজমেন্টেল হ্যে কিয়া ছবিখন মুক্তি পালে শুক্ৰবাৰে ৷মুক্তিৰ প্ৰথম দিনা ছবিখনে ভাল উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল যদিও শনিবাৰে ছবিখনে ভাল উপাৰ্জন কৰে ৷ বক্স অফিচ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ছবিখনে দ্বিতীয় দিনা ৭ কোটি টকা উপাৰ্জন কৰে।

ছবিখনে দুদিনত প্ৰায় ১১.৫০ কোটি টকা উপাৰ্জন কৰে ৷ প্ৰথম দিনা ছবিখনে ৪.৫০ কোটি টকা উপাৰ্জন কৰে ৷ কিন্তু কংগনা ৰানাউটৰ মণিকৰ্নিকাই প্ৰথম দিনা জজমেন্টেল হ্যে কিয়াতকৈ ভাল উপাৰ্জন কৰিছিল ৷মণিকৰ্ণিকাই প্ৰথম দিনাই ৮.৭৫ কোটি টকা উপাৰ্জন কৰিছিল ৷ গতিকে আশা কৰা হৈছে আজি অৰ্থা দেওবাৰে ছবিখনে ভাল উপাৰ্জন কৰিব ৷

শুক্ৰবাৰে মুক্তি পোৱা অৰ্জুন পাটিয়ালা ছবিখনৰ উপাৰ্জনে ভাল ফলাফল দেখুৱাব পৰা নাই বক্স অফিচত ৷শনিবাৰে ছবি খনে উপাৰ্জন কৰে মাত্ৰ ১.৫০ কোটি টকা ৷ দুদিনত ছবিখনে উপাৰ্জন কৰে ২.৭৫ কোটি টকা ৷ ইফালে কংগনা ৰানাউট আৰু ৰাজকুমাৰ ৰাওৰ ছবিখন হৈছে এখন ছাছপেঞ্চ থ্ৰিলাৰ আৰু কৃতি চানন আৰু দিলজীতৰ ছবিখন হৈছে এখন কমেডী ছবি ।

উল্লেখ্য যে কংগনা ৰানাউট জজমেন্টেল হ্যে কিয়া ছবিখনৰ এটি গীত লন্স কৰাৰ সময়ত সংবাদ মাধ্যমৰ এজন সংবাদদাতাক কৰা তীক্ষ্ণ বাক্য বানৰ পিছত সম্প্ৰতি সংবাদ সংঘই কংগনাৰ অনুষ্ঠান বয়কট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পিছত বালাজী টেলীফিল্মছৰ স্বত্তাধিকাৰী একতা কাপুৰে সংবাদ মাধ্যমলৈ উদ্দেশ্য কৰি লগতে উক্ত ঘটনাৰ কাৰণে খেদ প্ৰকাশ কৰি এখন পত্ৰ লিখে ৷

একতা কাপুৰে টুইটাৰ যোগে লিখে যে ২০১৯ চনৰ ৭ জুলাইত জজমেন্টেল হ্যে কিয়া ছবিখনৰ গীতৰ প্ৰম্যোশ্যনত সংঘটিত ঘটনাটি দুৰ্ভাগ্য পূৰ্ণ ৷ এই ঘটনাটিয়ে সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই ঘটনাটোৰ সন্দৰ্ভত সকলোৱে নিৰপেক্ষভাৱে ভাবক। ঘটনাটি আমাৰ ছবি ইভেন্টত সংঘটিত হ’ল৷ গতিকে এগৰাকী পৰিচালক হিছাপে মই ক্ষমা বিছাৰিচো ৷আমাৰ কাৰোবাক আঘাত কৰা উদ্যেশ্য নাছিল ৷ জজমেন্টেল হ্যে কিয়া ছবিখন ২৬ জুলাইত মুক্তি লাভ কৰিব ৷ আমি সংবাদ মাধ্যমক আহ্বান কৰিছোঁ যে এই ঘটনাটোৰ কাৰণে যাতে দলটোৱে কৰা কষ্ট অথলে নাযায় ৷

অন্য খবৰৰ বাবে পঢ়ক: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ ধাকড়ৰ প’ষ্টাৰ মুকলিঃউৎসুক অনুৰাগী

Next Story
চাকৰি