অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলৰ

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলৰ । লক্ষীমপুৰ জিলাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে লক্ষীমপুৰ জিলাৰ ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে ।লক্ষীমপুৰ জিলা শাখাৰ সভাপতি ফজৰুল ৰহমান আৰু সম্পাদক ৰবীন্দ্ৰ চুঙকাৰঙৰ তত্বাৱধানত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলৰ প্ৰায় এহেজাৰ জন কৰ্মীক লৈ এক প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী গঢ়ি তোলে । বৃহস্পতিবাৰে নৰ্থ লখিমপুৰ চহৰত অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদৰ অধিনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰ দাবী কৰাৰ লগতে ৰাজ্যৰ বানৰ দ্বাৰা প্ৰভাৱিত ভোটাৰ সকলক ৬০০০ টকাকৈ দিয়াৰ দাবী কৰে ।তাৰোপৰি অসমৰ বান সমস্যা সমাধানৰ বাবে অসমৰ চিভিল ছোচাইটি আৰু ৰাজ্য চৰকাৰৰ যুতীয়া কাৰ্য কমিটী গঠনৰ দাবী কৰে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে ।
এই প্ৰতিবাদী কাৰ্যসূচীতে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে উচ্চতম ন্যায়ালয়ৰ ওচৰত দাবী জনায় প্ৰকৃত ভাৰতীয়ক চিনাক্ত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা, কোনো লোকক বিদেশী হোৱাৰ প্ৰমান পত্ৰ দাখিল নকৰালৈকে সেই ব্যক্তিক বিদেশী বুলি ঘোষণা নকৰাৰ দাবী জনায় ।
এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে লক্ষীমপুৰ জিলাৰ আন কিছুমান মহত্বপূৰ্ণ সমস্যা সমাধানৰ দাবী ও জনায় । তাৰ ভিতৰত লক্ষীমপুৰ মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা , তাৰীয়নি কোৱাৰিট অবৈধ খনন কাৰ্য বন্ধ কৰা , লক্ষীমপুৰৰ বন ধ্বংস কাৰ্য বন্ধ কৰা , লগতে বন বিভাগৰ কৰ্মচাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা যিয়ে কোৱাৰিৰ খনন কাৰ্যত জড়িত আছে , নৰ্থ লক্ষীমপুৰ আৰু নৰ্থ লখিমপুৰ চিভিল হস্পিতাল সংযোগী ৰাস্তা নিৰ্মাণ , আৰু লক্ষীমপুৰ মেডিকেল কলেজৰ কাম সম্পূৰ্ণ কৰা ।
এই প্ৰতিবাদী কাৰ্যসূচীত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে ৰ ৰাজ্যিক সভাপতি ললিত পেগুই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক এই সমস্যা সমূ্হৰ বিষয়ে কয় যে , কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দুয়ো খনেই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কঠোৰ মনোভাৱ দেখাই আছে । ললিত পেগুই কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বানৰ সময়ত মানুহে জীৱন দিয়াটো সমৰ্থন কৰে । তাৰ পিছতো অসমৰ ৰাজনৈতিক নেতা সকলে এই ঠাইৰ ভাষা আৰু ধৰ্মক লৈ ৰাজনীতি কৰি আছে।
এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদ কাৰী সকলে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী উত্তাল কৰি তোলে ।ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলেৰ ৰাজ্যিক সদস্য আবু শৰ্মা আৰু চাইদুৰ ৰহমানেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । দাবী সমূহৰ সমৰ্থন জনায় লক্ষীমপুৰ শাখাৰ ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে লক্ষীমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জিলা বন বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
অধিক খবৰৰ বাবে পঢ়ক:ৰে’ল অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ সৈতে হতাহতি কোচ-ৰাজবংশী সংগঠনৰ
ভিডিঅ প্ৰতক্ষ্য কৰক:Golaghat Police raid at a residence in Tirual Gaon near Furkating | The Sentinel News | Assam News