Begin typing your search above and press return to search.

হাতত ঝাড়ু লৈ পথ চাফা কৰা যান–বাহন আৰক্ষীৰ বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই

হাতত ঝাড়ু লৈ পথ চাফা কৰা যান–বাহন আৰক্ষীৰ বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 1:08 PM GMT

হাতত ঝাড়ু লৈ পথ চাফা কৰা যান–বাহন আৰক্ষীৰ বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই। যান–বাহন শাখাৰ দুই বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে। অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰ নামৰ যান বাহন শাখাৰ আৰক্ষী দুজনক আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায় দীপক কুমাৰে।

যোৱা ৬ অক্টোবৰৰ দিনা নিশা প্ৰায় ১ মান বজাত দতালপাৰাৰত বাইক আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষ সংঘটিত হৈছিল । ৰাতি সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ ফলত ৰাজপথত গ্লাছৰ টুকুৰা ভাঙি পৰিছিল । সেইসময়তে কৰ্মৰত অৱস্থাত আছিল ফটাশিল আমবাৰী থানাত কৰ্মৰত দুগৰাকী যান বাহন শাখাৰ আৰক্ষী বিষয়া ।

যান বাহন শাখাৰ আৰক্ষী বিষয়া অৱদেশ কুমাৰ আৰু ৰাজা চৰকাৰে নিজে হাতত ঝাড়ু লৈ চাফা কৰিছিল ৰাজপথত পৰি থকা গ্লাছৰ টুকুৰা। ঘটনাস্থলীত উপস্থিত থকা কোনো লোকে ঝাড়ুৰে ৰাজপথ ছাফা কৰা ভিডিঅ সংগ্ৰহ কৰি ফেচবুকত আপলোড কৰিছিল। মুহূৰ্ততে সেই ভিডিঅ ভাইৰেল হৈ পৰিছিল ছোচিয়েল মেডিয়াত।স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে দুয়োগৰাকী যান বাহন শাখাৰ আৰক্ষী অৱদেশ কুমাৰ আৰু ৰাজা চৰকাৰক সম্বৰ্ধনা জনাই আৰক্ষী আয়ুক্তই।

স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত সৰৱ হৈ উঠিছে দেশৰ জনগন । চৰকাৰেও স্বচ্ছতা অভিযান সম্পূৰ্ণ ৰূপে ৰূপায়ন কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে । ২ অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে ও বিভিন্ন স্থানত বহুতো স্বচ্ছতা মূলত অভিযান গঢ়ি তোলে ।

২০১৪ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ দিনা স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।

প্লাষ্টিক নিৰ্মূল কৰন আৰু স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত বহুতো সজাগতা অনুষ্ঠানৰ আয়োজন কৰা ও দেখা যায় । সজাগতা অনুষ্ঠান সমূহৰ দ্বাৰা জনগনত স্বচ্ছতা অভিযান সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে ।যি নহওক স্বচ্ছতাৰ ক্ষেত্ৰত বা জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত যান বাহন শাখাৰ আৰক্ষী দুগৰাকী অৱদেশ কুমাৰ ৰয় আৰু ৰাজা চৰকাৰৰ লোৱা এই পদক্ষেপ সচাকৈয়ে প্ৰশংসনীয় ।

অন্য খবৰৰ বাবে পঢ়ক :বুঢ়া আৰক্ষী থানাত মহিলা নিৰ্যাতন: তদন্ত অব্যাহত

ভিডিঅ প্ৰতক্ষ্য কৰক:First ever Brahmaputra Sailing Expedition by NCC

Next Story
চাকৰি