ডিমৌত অবৈধ পেট্ৰ’ল পাম্পত অভিযান ডিব্ৰুগড় আৰক্ষীৰ

ডিমৌত অবৈধ পেট্ৰ’ল পাম্পত অভিযান ডিব্ৰুগড় আৰক্ষীৰ

ডিমৌত অবৈধ পেট্ৰ’ল পাম্পত অভিযান ডিব্ৰুগড় আৰক্ষীৰ ৷ ডিব্ৰুগড় আৰক্ষীয়ে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গতত শনিবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ থকা এটা অবৈধ তেল ডিপোত তদন্ত কৰে ৷ আৰক্ষীৰ দলটোৱে ডিব্ৰুগড় জিলাৰ ডিএচপি নিতুল দাস আৰু মৰান আৰক্ষী থানাৰ অধীক্ষক দীন নাথ মিলিৰ অন্তৰ্গতত এই অভিযান কৰে ৷

আৰক্ষীৰ দলটোৱে অভিযানকালত ৪০০০ লিটাৰ অৱৈধ পেট্ৰ’লক জব্দ কৰে। লগতে তেলৰ মাফিয়াসকলৰ গুডামৰ পৰা এখন টেংকাৰ,এখন মাৰুতি আৰু এখন স্কুটী জব্দ কৰে ৷ লগতে চিনটেক্স,ড্ৰাম আৰু পাইপো জব্দ কৰে।

এক বিশেষ সূত্ৰৰ মত অনুসৰি তেল মাফিয়াই নাহৰণি,ভালুকগুৰি আৰু চক্কালিয়াৰ লগতে ডিমৌৰ কাষৰীয়া অঞ্চলসমূহত তেলৰ অবৈধ ব্যৱসায় কৰি আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com