Begin typing your search above and press return to search.

২০১৯-২০ দুৰ্যোগৰ অনুদান : কেন্দ্ৰ পৰা ২৫২ কোটি বিচাৰিছে দিছপুৰে

২০১৯-২০ দুৰ্যোগৰ অনুদান : কেন্দ্ৰ পৰা ২৫২ কোটি বিচাৰিছে দিছপুৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 7:22 AM GMT

ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ ২০১৯-২০ চনৰ বিত্তীয় বৰ্ষৰ এচ দি আৰ এফৰ অংশ মুকলি কৰাৰ বাবে আবেদন কৰিছে।

নতুন দিল্লী আৰু দিছপুৰৰ এচ ডি আৰ এফৰ ধনৰ অনুপাত হৈছে ৯০:১০। ২০১৯-২০ বিত্তীয় বৰ্ষৰ অসমৰ এচ ডি আৰ এফৰলৈ অনুমোদিত ধনৰ পৰিমান হৈছে ৫৫৯ কোটি আৰু ইয়াৰে ৯০ শতাংশ ধন কেন্দ্ৰয়ে প্ৰদান কৰে। কেন্দ্ৰয়ে ২ ভাগত ধন খিনি প্ৰদান কৰিব অসমক । ইয়াৰে প্ৰথম ধন ৰাশি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰক আবেদন কৰিছে ।

গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা পত্ৰ খনত উল্লেখ কৰা হৈছে যে, চলিত বিত্তীয় বৰ্ষৰ ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কেন্দ্ৰীয় মন্ত্ৰালয়ক এচ ডি আৰ এফৰ ২৫২ কোটি মুকলি কৰি দিবলৈ আবেদন কৰিছে । একেখন পত্ৰয়ে ৰাজ্যিক বিভাগে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৪০৬ কোটি ব্যয় কৰা ইউ চি (UCs) লৈ প্ৰেৰণ কৰে।

ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সৰ্বাধিক এচ ডি আৰ এফৰ দুটা বিভাগলৈ অনুমোদন লাভ কৰে- জল সম্পদ বিভাগলৈ ২৫০ কোটি আৰু পি ডব্লিউ ডি অধিনত মেৰামতিৰ বাবে ৭৫ কোটি আৰু পুনৰ নিৰ্মানৰ কাম কাজৰ বাবে ২০১৮-১৯ বিত্তীয় বৰ্ষত অনুদান দিয়া হৈছিল ।

এচ ডি আৰ এফৰ ধন সমুহ দুৰ্যোগ সম্পকীয় সাহাৰ্য্য, মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম আৰু দুৰ্যোগত ক্ষতিগ্ৰস্থ লোকসকলৰ পৰিয়ালৰ বাবে দিয়া হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক: হঠাতে অহা দুৰ্যোগৰ সময়ত আপুনি কি কৰিব: গুৱাহাটীত অনুষ্ঠিত দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন

Next Story
চাকৰি