Begin typing your search above and press return to search.

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ মাৰ্কেটিং বিষয়ক আলোচনা

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ মাৰ্কেটিং বিষয়ক আলোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 12:16 PM GMT

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ মাৰ্কেটিং বিষয়ক আলোচনা। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ মাৰ্কেটিং বিষয়ক আলোচনা কৰে । চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে কয় যে " চলচ্চিত্ৰ প্ৰচাৰৰ বাবে এয়া অতি সূচল সময় "। লগতে কয় যে ইন্টাৰনেটৰ যুগত নিজৰ ছবিৰ প্ৰচাৰ কৰাটো চলচ্চিত্ৰ নিৰ্মাতা সকলৰ বাবে অতি সহজ হৈ পৰিছে আৰু এই ইন্টাৰনেট এটা এনেকুৱা মাধ্যম য'ত ছবিৰ বাবে দৰ্শক পোৱাটো কঠিন নহয় ।

ভাৰতীয় ছবিৰ মাৰ্কেটিং বিষয়ক আলোচনাত চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে কয় যে, নতুন ছবি নিৰ্মাতাৰ পোষ্ট প্ৰডাকচন কামৰ বাবে পৰ্যাপ্ত ধন নথকা বাবে ছবি প্ৰচাৰত উপযুক্ত এজেন্ট নিয়োগ কৰাৰ ক্ষমতা নাথাকে তেনে ক্ষেত্ৰত ইন্টাৰনেটৰ পৰা তেওঁলোকে সেই সুবিধা ল'ব পাৰে ।

ভাৰতীয় ছবিৰ মাৰ্কেটিং বিষয়ক আলোচনা ৰীমা দাসৰ লগতে ছবি নিৰ্মাতা ৰজনী বসুমতাৰী , ছবিৰ মাৰ্কেটিঙৰ সৈতে জড়িত অনুপমা বোচে , জেনী বিশ্বনাথ‌, চু জিংচাং আদি উপস্থিত থাকে ।

জানি বিশ্বনাথে কয় যে বাস্তৱধৰ্মী চলচ্চিত্ৰ নিৰ্মানৰ বাবে আৰু অধিক স্বাৱলম্বী চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰয়োজন।‌উল্লেখযোগ্য যে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বুলবুল কেন ছিং নামৰ ছবি খনো প্ৰদৰ্শন কৰা হয়। তাৰোপৰি এই ছবিখন সকলোৱে আদৰি লয় ।তাৰোপৰি জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা‌‌ ৰিজিঅনেল ফিল্ম এণ্ড টেলিভিছনৰ সহযোগত সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত ৬৫ দেশৰ প্ৰায় ১০০ খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক: মুখ্যমন্ত্ৰী সোনোৱালে মুকলি কৰিলে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ভিডিঅ প্ৰতক্ষ্য কৰক:CM Sonowal flagged off 15 electric buses under ASTC in Guwahati

Next Story
চাকৰি