Begin typing your search above and press return to search.

ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ১৯.৯৩ কোটি মুকলি দিছপুৰৰ

ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ১৯.৯৩ কোটি মুকলি দিছপুৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 6:24 AM GMT

বাৰিষা অহাৰ লগে লগে বান বিধস্ত অঞ্চল সমুহৰ বাবে চৰকাৰে ১৯.৯৩ কোটি টকা মুকলি কৰিছে । দিছপুৰে আগতীয়াকৈ ১৮ জন জিলা উপায়ুক্ত আৰু ১০ জন উপ বিভাগীয় বিষয়ালৈ ১৯.৯৩ কোটি ধাৰ্য কৰিছে । উল্লেখ কৰা জিলা কেইখন আৰু উপ শাখালৈ ইতিমধ্যে প্ৰদান কৰিছে আনুতোষিক সাহাৰ্য্য প্ৰদান কৰা হৈছে । এই সাহাৰ্য্যৰ ধনৰে যিসকল লোক প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ হৈছে সেইসকলক সাহাৰ্য্যৰ বাবে মুকলি কৰা হৈছে । লগতে সূত্ৰয়ে প্ৰকাশ কৰে যে চৰকাৰে ইতিমধ্যে বানপানীয়ে হওক অথবা ধুমুহা - ব্ৰজপাতত আদি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ হোৱা লোকৰ বাবে সাহাৰ্য্য হিচাপে ৪ লাখ টকা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বিষয়া সকলক আনুতোষিক সাহাৰ্য্যৰ পৰা পূৰ্ব সাহাৰ্য্য প্ৰদান কৰিবলৈ প্ৰকাশ কৰিছে ।

অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰাৰ তথ্য মতে ৰাজ্যত ধুমুহা আৰু ব্ৰজপাতত প্ৰায় ৩১ গৰাকী লোক নিহত হৈছে । ইয়াৰে ১১ জন ধুমুহাত আৰু ২০ জন ব্ৰজপাতত নিহত হয় । ৰাজ্যৰ কিছুমান অঞ্চলত আগতীয়া বাৰিষাৰ ফলত বৰষুণ আৰু বানপানীৰ সৃষ্টি হৈছে । বানপানীৰ ফলত বৰ্তমানলৈকে এজনো লোক নিহত হোৱা নাই বুলি প্ৰকাশ কৰিছে ।

তথ্যত প্ৰকাশ কৰা মতে ১৮ খন জিলাৰ ভিতৰত কেৱল মাজুলীৰ বাবে ৩.৫০ কোটি প্ৰদান কৰা হৈছে, আনহাতে মৰিগাঁওত ২.৬০ কোটি, লক্ষিমপুৰত ১.৭০ কোটি , ধেমাজি আৰু গোলাঘাটৰ বাবে ১.৬০ কোটি, বিশ্বনাথত ১.৩০ কোটি, শোণিতপুৰত ১ কোটি , চৰাইদেউ, ডিব্ৰুগড় আৰু ডিমা হাছাও প্ৰত্যেকলৈ ৫০ লাখ টকা আৰু তিনিচুকীয়াত ৪০ লাখ, বৰপেটাত ৩০ লাখ, হাইলাকান্দি আৰু কামৰূপ মেট্ৰ প্ৰত্যেকলৈ ২৫ লাখ, নলবাৰীত ২৫ লাখ, কোকৰাঝাৰলৈ ১৫ লাখ, বঙাইগাঁও, গোৱালপাৰালৈ ১০ লাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰা হৈছে ।

আনহাতে ১০ টা উপ শাখাৰ ভিতৰত কলিয়াবৰলৈ সৰ্বাধিক সাহাৰ্য্য প্ৰদান কৰা হৈছে । কলিয়াবৰলৈ আগবঢ়াইছে ১ কোটি টকা । আনহাতে বোকাখাত লৈ ৮০ লাখ, জোনাইলৈ ৭০ লাখ, বিলাসিপাৰালৈ ৩০ লাখ, ঢকুৱাখানালৈ ২৫ লাখ, নাজিৰা আৰু শদিয়া প্ৰত্যেকলৈ ১০ লাখকৈ অনুদান দিয়া হয়। উত্তৰ শালমাৰা আৰু বিজনীলৈ ৫ লাখ টকা আৰু মাইবংলৈ ৩ লাখ টকা প্ৰদান কৰা হয় । চলিত বৰ্ষত মে মাহলৈকে ১৮ খন জিলাৰ প্ৰায় ২২,৮০১ পৰিয়ালৰ লোক ক্ষতিগ্ৰস্থ হৈছে প্ৰাকৃতিক দুৰ্যোগৰ ফলত বুলি বিষয়া য়ে প্ৰকাশ কৰে । ১৮ খন জিলাৰ ভিতৰত গোলাঘাট, শিৱসাগৰ, ধুবুৰী, শোণিতপুৰ আৰু কাছাৰত অধিক ক্ষতিগ্ৰস্থ হৈছে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি