Begin typing your search above and press return to search.

চাৰি বছৰে একে ঠাইতে অপেক্ষা কৰাৰ পিছত লিঅ’ই বিছাৰি পালে গৰাকীক: চৰ্চিত সৰ্বত্ৰে

চাৰি বছৰে একে ঠাইতে অপেক্ষা কৰাৰ পিছত লিঅ’ই বিছাৰি পালে গৰাকীক: চৰ্চিত সৰ্বত্ৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2019 8:22 AM GMT

চাৰি বছৰে একে ঠাইতে অপেক্ষা কৰাৰ পিছত লিঅ’ই বিচাৰি পালে তাৰ মৰমৰ গৰাকীক ৷ যেতিয়া আমি যিকোনো বস্তু পাবলৈ মন তথা হৃদয়ৰ পৰা হাবিয়াস কৰোঁ ৷তেতিয়া হয়তো আমি যিকোনো কথাতে সফলতা লাভ কৰোঁ ৷তেনে এক ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। নিজৰ গৰাকীৰ অপেক্ষাত প্ৰায় চাৰি বছৰ একে ঠাইতে অপেক্ষা কৰিছে এটি কুকুৰে ৷

সেই কুকুৰটোৰ এটাই আশা যে তাৰ গৰাকী এদিন আহিব আৰু তাক লগত লৈ যাব ৷সংবাদ মাধ্যমৰ এক বিশেষ তথ্য অনুসৰি থাইলেণ্ডৰ খন কেইন নামৰ জিলাখনত এক নিদিৰ্ষ্ট স্থানত চাৰি বছৰৰ পৰা এটা কুকুৰে অপেক্ষা কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে । আনহাতে সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি কুকুৰটোৰ নাম লিয়’। লিয়’ই বিগত চাৰিবছৰত এটাই আশা কৰি পথৰ কাষত ৰৈ আছিল যে এদিন তাৰ গৰাকী আহিব আৰু তাক লগত লৈ যাব।

ইফালে প্ৰথমতে প্ৰতক্ষ্যদৰ্শীয়ে ভাবিছিল যে ই এটা বনৰীয়া কুকুৰ ।কিন্তু স্থানীয় লোকসকল একেটা ঠাইতে অপেক্ষা কৰি থকা কুকুৰটোক দেখি আছৰিতো হৈছিল । সেয়েহে লিয়’ৰ সন্দৰ্ভত কিবা তথ্য পোৱাৰ আশাত এজন লোকে কুকুৰটোৰ এখন ফ’টো লৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ৷ইয়াৰ পিছত এগৰাকী সহৃদয়বান মহিলাই আহি লিঅ’ক নিজৰ লগত লৈ যায় । আৰু ভালকৈ চোৱাচিতা কৰি নিজৰ লগত ৰাখে ৷ কিন্তু লিঅ’ই মহিলাগৰাকীৰ ঘৰত দুদিনমান থাকি পুনৰ সেই ঠাইলৈ ঘূৰি আহে।

আনহাতে,লিঅ’ই দিন ৰাতি একাকাৰ কৰি বিগত চাৰি বছৰ একেঠাইত অপেক্ষা কৰি থকা ফ’টো খন ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত এই ফটো খন এগৰাকী যুৱতীয়ে ৬৪ বছৰীয়া মাতৃ নেং নৈক দেখুৱাই ৷ ফ’টোখন দেখুৱাৰ লগে লগে নেং নৈয়ে আৱেগিক হৈ জীয়েকক লৈ চাৰিবছৰৰ পৰা লিঅ’ ৰৈ থকা স্থানত উপস্থিত হয় ৷ আৰু কেনেকৈ নেং নই নামৰ মহিলা গৰাকী লিঅ’ৰ পৰা বিচ্ছেদিত হ’ল সেই সম্পৰ্কে সমগ্ৰ কাহিনীতো কয় ।

মহিলা গৰাকীয়ে কয় যে ২০১৫ চনৰ ১৬ ফ্ৰেব্ৰুৱাৰীত নেং নইয়ে বনবনত জীয়েকক লগ কৰিবলৈ যায় ৷ আৰু যেতিয়া তেওঁলোক গৈছিল তেতিয়া ৰেল লাইনত গাড়ী ৰখাওতে বাহনখনৰ পৰা লিঅ’ ওলাই যায় ৷ কিন্তু ইয়াৰ পিছত আৰু লিঅ’ক বিছাৰিছিল যদিও ক’তো বিচাৰি নাপালে ৷ আৰু এনেকৈয়ে লিঅ’ৱে চাৰি বছৰ অপেক্ষা কৰাৰ পিছত তাৰ গৰাকীক লগত সাক্ষাৎ হয় ৷সম্প্ৰতি এই ঘটনাটোৱে চুই গৈছে প্ৰত্যেকজন হৃদয়বান লোকৰ অন্তৰ ৷

অন্য খবৰৰ বাবে পঢ়ক: নাগাৰ্জুনাৰ ফাৰ্ম হাউচত উদ্ধাৰ অৰ্দ্ধগলিত মৃতদেহ : আৰক্ষীৰ তদন্ত আৰম্ভ

ভিডিঅ প্ৰতক্ষ্য কৰক:Sivasagar Boy shines in Superstar Singer, enters top 8 | The Sentinel News | Assam News

Next Story
চাকৰি