'ফ্লিমফেয়াৰ এৱাৰ্ড' ২০২০ অসমত অনুষ্ঠিত হব: ভৰি পৰিব বলীউডৰ তাৰকায়ে

'ফ্লিমফেয়াৰ এৱাৰ্ড' ২০২০ অসমত অনুষ্ঠিত হব: ভৰি পৰিব বলীউডৰ তাৰকায়ে

অসম পৰ্যটন ক্ষেত্ৰ প্ৰসাৰৰ বাবে অসম চৰকাৰৰ বৃহৎ কাৰ্যসূচী। বলীউডৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব' " ফ্লিমফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হব অসমত । প্ৰথম বাৰৰ বাবে ফ্লিমফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হব গুৱাহাটীত । অসমত ভৰি পৰিব বলীউডৰ তাৰকায়ে । অসম চৰকাৰৰ এই পদক্ষেপে বিশ্বতে অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰ কৰিব বুলি আশাবাদী চৰকাৰ।ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান 'ফ্লিমফেয়াৰ এৱাৰ্ড ' । ২০১৯ বিত্তীয় বাজেটত অসম পৰ্যটনৰ প্ৰসাৰ কৰিবলৈ ৩০০ কোটি ধাৰ্য্য কৰিছে ।

শনিবাৰে অনুষ্ঠিত হোৱা ট্যুৰ অপাৰেটৰ সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা উল্লেখ কৰে। বলীউডৰ নামী দামী তাৰকা, পৰিচালক, প্ৰযোজক সকলোৱে ভৰি পৰিব গুৱাহাটী মহানগৰ।

এই সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ টোৰ বাবে ৰাজ্য চৰকাৰে ৩০০ কোটি টকা আৱণ্টন দিছে। অসম পৰ্যটন বিভাগৰ এই পদক্ষেপে অসমৰ পৰ্যটক ক্ষেত্ৰ আৰু অসমৰ চলচিত্ৰ উদ্যোগতো ইতিবাচক প্ৰভাৱ পৰিব বুলি প্ৰকাশ কৰে ।অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খানলৈকে, কেটৰীণা কেঈফৰ পৰা দিপিকা পাডুকন, শ্ৰদ্ধা কাপুৰলৈকে সকলোৱে ৰঙীণ কৰি তুলিব গুৱাহাটী। উপস্থিত থাকিব বলীউডৰ নামী দামী তাৰকাৰ পৰা পৰিচালক প্ৰযোজকলৈকে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগেও প্ৰকাশ কৰে ," আমি ২০১৯ বিত্তীয় বৰ্ষত পৰ্যটনৰ ক্ষেত্ৰ খনলৈ ৩০০ কোটি আবন্টন দিছিল । বিশ্বৰ দৰবাৰত অসমৰ পৰ্যটন ক্ষেত্ৰখন প্ৰতিস্থা কৰিব এই পদক্ষেপে । প্ৰথম বাৰৰ বাবে গুৱাহাটীত "ফ্লিমফেয়াৰ এৱাৰ্ড" অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে ।"

https://twitter.com/CMOfficeAssam/status/1160245792516390913

ফ্লিমফেয়াৰ এৱাৰ্ডৰ যোগেদি বলীউডৰ ছবি জগতৰ শিল্পী তাৰকা সকলক সন্মান প্ৰদৰ্শন কৰা হয় । ফ্লিমফেয়াৰ এৱাৰ্ড ভাৰতৰ অতি পুৰণি আৰু সন্মানীয় এক এৱাৰ্ড অনুষ্ঠান। ১৯৫৪ চনতে টাইম গ্ৰুপে ফ্লিমফেয়াৰ এৱাৰ্ড অনুষ্ঠিতৰ আৰম্ভণি কৰিছিল । ভোটৰ পক্ৰিয়াৰে এই সন্মান প্ৰদান কৰা হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com