নিউয়ৰ্কত দুখন মুখৰ মাছ উদ্ধাৰঃ উৎসুকতা বাঢ়িছে জনসাধাৰণৰ

নিউয়ৰ্কত দুখন মুখৰ মাছ উদ্ধাৰঃ উৎসুকতা বাঢ়িছে জনসাধাৰণৰ

নিউয়ৰ্কত এগৰাকী মহিলাই উদ্ধাৰ কৰিছে এটি দুখন মুখ থকা মাছ ৷ ইয়াৰ পিচত মাছটোক লৈ সকলো ঠাইতে এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। কাৰণ মাছটোৰ আছে দুখন মুখ ৷ এই মাছটোৰ ফটো ক্লিক কৰিছে লেক চেম্পলেইনৰ ডেবী গেডিচে ৷ সম্প্ৰতি ডেবী গেডিছৰ এই ফ’টোখনে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে৷ আৰু সকলো জনসাধাৰণ এই মাছটোৰ সম্পৰ্কে জানিবলৈ উৎসুকতা প্ৰকাশ কৰিছে।

ইফালে ১৯ আগষ্টত ফেছবুকত এই ভিডিঅ’টি প’ষ্ট কৰা হৈছিল ৷ লগতে ৬০০০ বাৰ শ্বেয়াৰ কৰা হৈছিল এই ভিডিঅ’টি ৷ আৰু মাছৰ এই ভিডিঅ’টিয়ে ১০০০ টা মন্তব্য আৰু প্ৰতিক্ৰিয়া লাভ কৰিছে ৷বহু লোক এই মাছটো দেখি আচৰ্য্য প্ৰকাশ কৰিছে ৷ যদিও কিছু সংখ্যক লোকে এইয়া এক বিকৃতি বুলি অভিহিত কৰিছে ৷

কিছুমানে আকৌ চেম্পপ্লেইন হ্ৰদৰ এয়া এক পৌৰাণিক মাছ ৷ এজনে উল্লেখ কৰিছে এইয়া পুৰণি বিকৃতি দুখন মুখৰ নহয় ৷ আন এজনে আকৌ জীৱ বিজ্ঞানীৰ দৰে মন্তব্য কৰিছে যে মোৰ অনুভৱ এইয়া এক বিকৃতি ৷ভ্ৰুণ হত্যা কৰোতে খেলি মেলি হ’ল৷ গতিকে সম্প্ৰতি দুমুখীয়া মাছৰ কাৰণে প্ৰতিক্ৰিয়া সৰ্বত্ৰে অব্যাহত আছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Truck laden with illegal timbers seized by BJP Yuva Morcha in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com