Begin typing your search above and press return to search.

আৰক্ষীৰ বিভাগৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ

আৰক্ষীৰ বিভাগৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2019 4:21 AM GMT

নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবিয়ে বৃহস্পতিবাৰে উত্তৰ পূৱৰ ৰাজ্যৰ আৰক্ষী বিভাগক আৰক্ষীক সাধাৰণ জনসাধাৰণৰ লগত এক সু সম্পৰ্ক ৰক্ষা কৰিবলৈ কয়। কাৰণ সেই অঞ্চলত সন্ত্ৰাসবাদীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।বৃহস্পতিবাৰে ৰাজ্যপালে ৰবিয়ে ডীমাপুৰত আইজীপী আৰু উত্তৰ পূবৰ কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ ২৬ সংখ্যক সন্মিলন উদঘাটন কৰি কয় যে আৰক্ষী বিভাগৰ উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ কাৰণে অঞ্চলটোত সুৰক্ষা স্থিতিত উল্লেখ্যযোগ্য পৰিৱৰ্তন হৈছে ৷

শান্তিৰ জয়গান সাধাৰণ মানুহলৈ বিয়পি পৰিব লাগে। কাৰণ তেওঁলোকৰ সুৰক্ষাৰ চিন্তা কৰা আমাৰ প্ৰধান কৰ্তব্য এই মন্তব্য ৰবিৰ ৷লগতে আৰক্ষী বিভাগক উদ্দেশ্য কৰি ৰাজ্যপাল ৰবিয়ে কয় যে অপৰাধী সকলৰ চিনাক্ত,বিষয়টোৰ বৈজ্ঞানিক তদন্ত এই সমূহ বিষয়ক প্ৰাথমিকতা দিব লাগে ৷

আৰক্ষী ষ্টেশ্যন আৰু জিলা আৰক্ষী সকলৰ মূল্যাংকন ইয়াৰ ওপৰত আধাৰিত হ’ব লাগে ৷ ৰাজ্যপাল ৰবিয়ে কয় যে অবৈধ অস্ত্ৰ শস্ত্ৰ কিছুমান লিংকৰ কথা তথ্য লাভ কৰা হৈছে ।গতিকে ৰবিয়ে আৰক্ষীৰ বিষয়াসকলক ৰাজ্যত অবৈধ অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ আহ্বান কৰে। আৰক্ষী বিষয়া,কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ মাজত সুৰক্ষা সহযোগ আৰু অধিক শক্তিশালী কৰা হ’ব ।

লগতে উত্তক পূবত শান্তি বৰ্তাই ৰাখিবলৈ ব্যৱহাৰিক নীতিগত ইনপুট তৈয়াৰ কৰিব বুলি আশাবাদী ৰাজ্যপাল ৰবি ৷এই অনুষ্ঠানত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পেটনে আন্তৰাষ্ট্ৰীয় সীমা,জনসংযোগ আৰু উদ্যোগিক আদি বিভিন্ন ক্ষেত্ৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে ।লগতে উত্তৰ পূবক অধিক সুৰক্ষিত আৰু শান্তিপূৰ্ণ হিছাপে নিৰ্মাণ কৰিবৰ কাৰণে দ্বি সন্মিলন ফলপ্ৰসূ হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক :সম্প্ৰতি আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক গ্ৰহণ কৰা নাইঃৰঞ্জিত কুমাৰ দাস

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Video | 58th Teachers' Day observed at Tinsukia and Digboi

Next Story
চাকৰি