Begin typing your search above and press return to search.

কৃষি খণ্ডৰ বহনক্ষম আৰু পুৰ্ণোদ্যমে গঢ়ি তুলিবলৈ গুৰুত্ব দিব লাগিব: সৰ্বানন্দ সোনোৱাল

কৃষি খণ্ডৰ বহনক্ষম আৰু পুৰ্ণোদ্যমে গঢ়ি তুলিবলৈ গুৰুত্ব দিব লাগিব: সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2019 9:20 AM GMT

অৰুণাচল প্ৰদেশৰ চৰকাৰে আয়োজন কৰা " ভাৰতীয় কৃষি খণ্ডৰ ৰূপান্তৰ " শীৰ্ষক অনুষ্ঠানত TERI আৰু FICCI সহযোগত গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত হয়। এই কনফৰেন্সত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কৃষি বিজ্ঞানী , চৰকাৰী বিষয়া, উদ্যোগ খণ্ডৰ বিষয়া উপস্থিত থাকে ।কৃষক সকলৰ বহনক্ষমতা অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি খণ্ডৰ অগ্ৰাধিকাৰ দিয়াৰ ওপৰত আলোচনা কৰা হৈছিল

এই বৈঠকতে অনাগত বছৰ কেইটাৰ ভাৰতীয় কৃষি খণ্ড ৰূপায়ণৰ ক্ষেত্ৰত ৰোড মেপ গঠন কৰে। এই বৈঠকতে সকলো উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসমৰ লগতে আন ৰাজ্যয়ে অংশগ্ৰহন কৰে। কৃষি খণ্ডৰ উন্নয়নৰ বাবে এই বৈঠকত আলোচনা কৰা হয়।

ভাৰতীয় কৃষি খণ্ডৰ ৰূপান্তৰৰ উচ্চ পৰ্যায়ৰ বৈঠকৰ সদস্য প্ৰেমা খাণ্ডুয়ে প্ৰকাশ কৰে যে, বৰ্তমান সকলোৱে সকলো নীতি প্ৰনয়নকাৰীয়ে ভাৰতীয় কৃষি খণ্ডৰ বহনক্ষমতা আৰু পুৰ্ণোদ্যমে গঢ়ি তুলি উৎপাদন, জলবায়ু স্থিতিকৰণ আৰু কৃষকৰ সমৰ্থন আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে যে, " কৃষক সকলৰ বহনক্ষমতা অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি খণ্ডৰ অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে। তেওঁ লগতে কয় যে, ভাৰতৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে এখন উপযুক্ত ৰোডমেপৰ প্ৰয়োজন আছে। তাৰ বাবে উপযুক্ত পৰিকল্পনা আৰু নীতিৰ প্ৰয়োজন আছে। কৃষকৰ উন্নয়নৰ বাবে ব্যৱহাৰ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।

ভাৰতীয় কৃষি খণ্ডৰ ৰূপান্তৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ নেতৃত্বত দিছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাণ্ডাভিছে । ভাৰতৰ কৃষি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত এলানী বৈঠকৰ আয়োজন কৰিছে । কৃষি খণ্ডৰ উন্নয়নৰ বাবে প্ৰস্তুত কৰা ৰোডমেপ পৰবৰ্তী কেই সপ্তাহত ভাৰত চৰকাৰক প্ৰেৰণ কৰিব ।এই বৈঠকতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি সমস্যা সমূহৰ বিষয়ে আলোচনা কৰা হৈছিল ।

কনফৰেন্সত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কৃষি বিজ্ঞানী , চৰকাৰী বিষয়া, উদ্যোগ খণ্ডৰ বিষয়া উপস্থিত থাকে ।কৃষক সকলৰ বহনক্ষমতা অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি খণ্ডৰ অগ্ৰাধিকাৰ দিয়াৰ ওপৰত আলোচনা কৰা হৈছিল| কৃষক সকলৰ বহনক্ষমতা অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি খণ্ডৰ অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে। তেওঁ লগতে কয় যে, ভাৰতৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে এখন উপযুক্ত ৰোডমেপৰ প্ৰয়োজন আছে।

অন্য খবৰৰ বাবে পঢ়ক : দক্ষিণ শালমাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Next Story
চাকৰি