Begin typing your search above and press return to search.

বিদেশী ন্যায়াধীশকৰনে ডিজিটেল মোড গ্ৰহণ কৰিছে

বিদেশী ন্যায়াধীশকৰনে ডিজিটেল মোড গ্ৰহণ কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 6:05 AM GMT

দশকৰ পিছত বিদেশী ন্যায়াধীশকৰনে ডিজিটেল মোড গ্ৰহণ কৰাৰ পৰিকল্পনা লৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে অসম চৰকাৰৰ প্ৰকল্পত অনুমোদন জনাইছে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছৰ পৰ্যায়ৰ বাবে এই প্ৰকল্প গ্ৰহণ কৰিব । সূত্ৰয়ে প্ৰকাশ কৰা মতে গৃহ আৰু ৰাজনীতি বিভাগে এই প্ৰজেক্টেটোত ১০০ কোটি ব্যয় কৰিব ।

অসমত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে বিদেশী ন্যায়াধীশকৰন ডিজিটেল প্ৰজেক্ট আৰম্ভ হব আৰু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিদেশী, ডি ভোটাৰ আৰু যিসকল লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীশকৰনত গোচৰ আছে তেওলোকৰ বাবে এটা কমন ডাতাবেছ তৈয়াৰ কৰা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে সীমান্ত আৰক্ষীয়ে "ইলেক্ট্ৰনিক ফৰেনাৰ্চ ত্ৰিবুনেল"ৰ প্ৰকল্পটোৰ প্ৰস্তুত কৰিছে আৰু এই ডিটেইল প্ৰজেক্ট ৰিপোৰ্টত গৃহ আৰু ৰাজনীতি বিভাগক দাখিল কৰে । এই ৰিপোৰ্টতো সন্মতিৰ বাবে গৃহ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধক্ষ্য আশুতুষ আগ্নিহোৰ্থী প্ৰকাশ কৰে যে ", যিমান সোনকালে হয় ইলেক্ট্ৰনিক ফৰেনাৰ্চ ত্ৰিবুনেল ' ধাৰনা ৰূপায়ণ কৰা হব । '

প্ৰস্তাৱিত এই প্ৰকল্পটোত বহুজন অংশীদাৰ আছে । ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগ , বিদেশী ন্যায়াধীশকৰন , এন আৰ চিৰ কতৃপক্ষ , সীমান্ত আৰক্ষী, অসম চৰকাৰৰ নিৰ্বাচনী আয়োগ, গৃহ মন্ত্ৰালয় আৰু বিদেশী মন্ত্ৰালয় ইয়াৰ অংশীদাৰ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ পাছত যি সকলৰ নাম চুৰান্ত খচৰাত প্ৰকাশ নাপায় তেওঁলোকক বিদেশী ন্যায়াধীশকৰনলৈ প্ৰেৰণ কৰা হব । এই প্ৰকল্পটো ৰূপায়ণ হলে বিদেশী ন্যায়াধীশকৰনৰ সিদ্ধান্ত সকলো অংশীদাৰলৈ ইলেক্ট্ৰনিকেলি লাভ কৰিব । বিভিন্ন দেশৰ সৈতে বিদেশ মন্ত্ৰালয়ে সম্পৰ্ক স্থাপন কৰাৰ লগতে বিদেশী ন্যায়াধীশকৰনে বিদেশী সকলক চিনাক্ত কৰাত সহায় হব বুলি প্ৰকাশ কৰে ।

বিদেশী ন্যায়াধীশকৰনে ইলেক্ট্ৰনিকৰ যোগেদি বিদেশী বুলি ঘোষণা কৰাৰ পাছত ৰাজ্যিক নিৰ্বাচনী বিভাগে বিদেশীৰ নাম ইলেকট্ৰৰেল ৰোলৰ পৰা বৰখাস্ত কৰিব।

শেহতীয়াকৈ চুৰান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছৰ পৰ্যায়ৰ বাবে ভাৰত চৰকাৰে ১০০ খন বিদেশী ন্যায়াধীশকৰনৰ পৰিবৰ্তে ৪০০ খন অতিৰিক্ত ন্যায়াধীশকৰন স্থাপনৰ কথা প্ৰকাশ কৰিছিল । প্ৰথম পৰ্যায়ত ২০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব। এই সকলো বিদেশী ন্যায়াধীশকৰনত "ইলেক্ট্ৰনিক ফৰেনাৰ্চ ট্ৰিবুনেল প্ৰকল্পৰ ব্যবস্থা কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি