Begin typing your search above and press return to search.

ৰাজকীয় সন্মানেৰে শেষকৃত্য সম্পন্ন প্ৰয়াত প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ

ৰাজকীয় সন্মানেৰে শেষকৃত্য সম্পন্ন প্ৰয়াত প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2019 6:56 AM GMT

প্ৰাক্তন বিদেশ মন্ত্ৰী তথা বিজেপিৰ জেষ্ঠ্য নেত্ৰী সুষমা স্বৰাজৰ লোধীৰ ৰ’ডত থকা দয়ানন্দ শ্মশানত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷ দিল্লী পুলিচৰ নিৰাপত্তাৰক্ষী, ব্লেক কেট্ছ কামাণ্ডোৰ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰয়াত প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজক দয়ানন্দ শ্মশান ঘাটলৈ লৈ যোৱা হয়। বিজেপিৰ জেষ্ঠ্য নেত্ৰী সুষমা স্বৰাজৰ মংগলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ এইমছত মৃত্যু হৈছিল ৷দিল্লী আৰু হাৰিয়ানা চৰকাৰে প্ৰয়াত সুষমা স্বৰাজৰ মৃত্যুত দুদিনীয়া শোক ঘোষণা কৰে।

উল্লেখ্য যে প্ৰথমতে তেওঁৰ পাৰ্থিৱ শৰীৰ দিল্লীৰ এইম্ছৰ পৰা নিজা বাসগৃহলৈ নিয়া হয়। তাৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় । ইফালে প্ৰয়াত সুষমা স্বৰাজৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লালাকৃষ্ণ আদৱানিয়ে স্বৰাজৰ প্ৰতি শেষ শ্ৰদ্ধা নিৱেদন কৰে ৷ ইয়াৰোপৰি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ,লোকসভাৰ অধ্যক্ষ ওম বিড়লা,গৃহমন্ত্ৰী অমিত শ্বাহে স্বৰাজক তেওঁৰ বাসগৃহত শেষ শ্ৰদ্ধা জনায় ৷

আনহাতে প্ৰয়াত সুষমা স্বৰাজৰ বাসগৃহত শেষ শ্ৰদ্ধা নিৱেদন কৰা বিশিষ্ট নেতাসকলৰ ভিতৰত ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধী,কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী,বাবা ৰামদেৱ,বিজেপিৰ সাংসদ হেমা মালিনী,কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমান চান্দী,বি এছ পিৰ সভানেত্ৰী মায়াৱতী,কৈলাশ সত্যাৰ্থীও আছিল ৷

উল্লেখ্য যে হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত৬৭ বছৰীয়া নেত্ৰীগৰাকীক তাৎক্ষনিকভাৱে এইম্চত ভৰ্তি কৰোৱা হয় ৷চিকিৎসকে সুষমা স্বৰাজৰ জীৱন সুস্থ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও সফল ন’হল ৷স্বাস্থ্যজনিত কাৰণত তেওঁ চলিত লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল ৷ ২০১৬ চনত কিডনীৰ সংৰোপণ কৰা হৈছিল ৷৭ বাৰ সংসদলৈ নিৰ্বাচিত হোৱা নেত্ৰীগৰাকী জনসাধাৰণৰ মাজত আছিল অতি জনপ্ৰিয় ৷মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বিদেশ মন্ত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰা সুষমা স্বৰাজে বিদেশত কোনো ভাৰতীয় মূলৰ লোক বিপদৰ সন্মুখীন হ’লেই সহায়ৰ বাবে তৎপৰ হৈ পৰিছিল ৷

ইফালে ২৫ বছৰ বয়সতে হাৰিয়ানাত কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি সৰ্বকনিষ্ঠ কেবিনেট মন্ত্ৰী ৰূপে পৰিগণিত হৈছিল ৷ আনহাতে জম্মু কাশ্মৰীত অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনোৱাটোৱে আছিল প্ৰয়াত বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ অন্তিমটো টুইট ৷প্ৰয়াত সুষমা স্বৰাজে প্ৰকাশ কৰিছিল যে তেওঁ এই দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷

ভাৰতীয় ৰাজনীতিৰ তেজস্বিনী সুষমা স্বৰাজৰ আকস্মিক মৃত্যুত সকলো ৰাজনৈতিক নেতাৰ লগতে জনসাধাৰণৰ মাজত এক বিশেষ প্ৰভাৱ পৰিছে ৷মনোৰঞ্জন জগতৰ লগত জৰিত প্ৰতিজন ব্যক্তিয়ে প্ৰয়াত নেত্ৰী সুষমা স্বৰাজৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে ৷ইয়াৰ ভিতৰত শ্বাবানা আজমী,লতা মংগেশকাৰ,আশা ভোশলে,জাভেদ আখতাৰ,ঋষি কাপুৰ,কৰণ জোহৰ,অনিল কাপুৰ,য়ামী গৌতম,আয়ুস্মান খুৰানা,সঞ্জয় দত্ত,বিবেক অৱৰয়,অৰ্জুণ কাপুৰ,অনুস্কা শৰ্মা,ৰিতেশ দেশমুখ,পৰিণীতি চোপ্ৰা আদিয়ে শোক প্ৰকাশ কৰিছে ৷

সুষমা স্বৰাজৰ মৃত্যুত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ সভাপতিকে ধৰি বিশ্বৰ বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে ৷লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা,ইৰানৰ বিদেশ মন্ত্ৰী জাভাদ জৰিফেও সুষমা স্বৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: পঞ্চভূতত বিলীন সুষমা স্বৰাজ: জীয়াৰী বাঞ্চুৰী স্বৰাজে কৰিলে মুখাগ্নী

ভিডিঅ প্ৰতক্ষ্য কৰক :

https://www.youtube.com/watch?v=Ihw4DcsOupA

Next Story
চাকৰি