প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসানঃআজি শেষকৃত্য সম্পন্ন

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসানঃআজি শেষকৃত্য সম্পন্ন

প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলী শনিবাৰে ৬৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। প্ৰখ্যাত অধিবক্তা,ৰাজনৈতিক নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা ৯ আগষ্টত শ্বাস প্ৰশ্বাসত হোৱা অসুবিধা আৰু অস্থিৰতা ৰোধ কৰাৰহপাছত জেটলীক লৈ যোৱা হয় এইমছত ভৰ্তি কৰাবলৈ ৷ইয়াৰ পাছৰ পৰা জেটলীৰ অৱস্থা হৈ আছিল সংকটজনক ৷

প্ৰয়াত প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলী আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথমটো কাৰ্যকালত বিত্ত আৰু প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্বত ৷১৯৫২ চনত জন্ম গ্ৰহণ কৰা অৰুণ জেটলীৰ পিতৃৰ নাম আছিল মহাৰাজা কিষণ জেটলী ৷মহাৰাজা কিষণ জেটলী আছিল এজন অধিবক্তা ৷ ছাত্ৰ অৱস্থাত অতি মেধাৱী অৰুণ জেটলীয়ে ১৯৯১ চনত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহক সদস্যৰূপে নিযুক্ত কৰা হয় ।১৯৯৯ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত তেওঁক দলটোৰ মুখপাত্ৰ দায়িত্ব দিয়া হৈছিল।

১৯৯৯ চনৰ অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাত তেওঁ স্বতন্ত্ৰ দায়িত্বৰ ৰাজ্যিক পৰ্যায়ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল। ইয়াৰ উপৰি জেটলিক ২০০০ চনত আইন,ন্যায় আৰু কোম্পানী পৰিক্ৰমা দপ্তৰৰ দায়িত্বও দিয়া হৈছিল ৷ ২০০৪ চনত সাধাৰণ নিৰ্বাচনত এন ডি এৰ পৰাজয়ৰ পাছত জেটলিক বিজেপিৰ সাধাৰণ সম্পাদক ৰূপে নিযুক্ত কৰা হয়। দেশৰ বিত্তমন্ত্ৰী হৈ থাকোতে ঐতিহাসিক জি এছ টি বিধেয়ক আইনত পৰিণত হয়। জেটলি বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত লোৱা আন এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰ আছিল দেউলীয়া আইন ৷

ইয়াৰ উপৰি মুদ্ৰা নীতি অধিক স্বচ্ছ কৰাৰ বাবে ২০১৬ চনত মনিটৰি পলিছি গঠন কৰা,কেইবাটাও বেংকৰ একত্ৰীকৰণ, ৰাজকোষীয় ঘাটি আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা বিদেশী প্ৰত্যক্ষ বিনিযোগ অধিক কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে অৰুণ জেটলী স্মৰণীয় হৈ ৰ’ব ৷ইফালে প্ৰয়াত অৰুণ জেটলীৰ মৃতদেহ নিজৰ বাসগৃহলৈ নিয়া হ’ব ৷ তেওঁৰ পাৰ্থিৱ শৰীৰ এইমছৰ পৰা নিজা বাসভৱনলৈ নিয়াৰ পিছত বিজেপি কাৰ্যালয়লৈ নি আজি বিয়লি ২ বজাত নিগমাবোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ,গৃহমন্ত্ৰী অমিত শ্বাহে,ৰাহু গান্ধী,ছোনিয়া গান্ধী সকলোৱে অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্যতম বিশ্বাসী অৰুণ জেটলীৰ মৃত্যত প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইট কৰে যে মই এগৰাকী মূল্যবান বন্ধু হেৰুৱালো ৷তেওঁ কয় যে জেটলী এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী,ইতিহাস, লোকনীতি,শাসন আৰু প্ৰশাসনৰ প্ৰখৰ জ্ঞান থকা লোক আছিল ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতীয় অৰ্থনীতিক নিৰাশাজনক অৱস্থাৰ পৰা সঠিক পথত আগবঢ়াই লৈ যোৱাৰ কাৰণে জেটলীৰ অৱদান অপৰিসীম ৷

ইফালে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণ জেটলিৰ মৃত্যুক এক ব্যক্তিগত ক্ষতি বুলি কয়। উল্লেখ্য যে অৰুণ জেটলীৰ মৃত্যুৱে অসমৰ ৰাজনীতিটো প্ৰভাৱ পেলাইছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ লগতে কয় যে অসমৰ ৰাজনৈতিক পৰিক্ৰমাক গৰিমামণ্ডিত কৰা এইজন নেতাই ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ দিশটোত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Religious procession by Sikh community people arrives in Biswanath Chariali

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com