কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ তথা বিধায়ক চৰন নাৰ্জাৰীৰ দেহাৱসান

কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ তথা বিধায়ক চৰন নাৰ্জাৰীৰ দেহাৱসান

প্ৰাক্তন সাংসদ, বিধায়ক আৰু PTCA দলৰ প্ৰতিষ্ঠাপক চৰন নাৰ্জাৰীৰ দেহাৱসান। গুৱাহাটীৰ ডাউন টাউনৰ হস্পিতালত মংগলবাৰে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ জনে। প্ৰাক্তন সাংসদ জনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগী সকলে ।

চৰন নাৰ্জাৰি এজন অপ্ৰতিৰোধ্য ব্যক্তি আছিল । এজন সুদক্ষ্য নেতাৰ সকলো গুনে চৰন নাৰ্জাৰি ৰ আছিল । তেওঁৰ ৭০ বছৰ বয়সতো তেওঁ সক্ৰিয় ভাৱে কাম কৰি গৈছিল । চৰন নাৰ্জাৰিৰ ৭০ বছৰ বয়সত PTCA ৰ অধিনত জনগোষ্ঠীয় লোকসকলৰ বাবে "উদয়াচল" আন্দোলনৰ নেতৃত্ব দিছিল । বড়ো জনগোষ্ঠীৰ এজন প্ৰসিদ্ধ ব্যক্তিৰ হোৱাৰ লগতে চৰন নাৰ্জাৰীয়ে বিধায়ক আৰু সাংসদ হিচাপেও কাৰ্যালয় নিৰ্বাহ কৰিছিল ।

ৰাজনৈতিক ক্ষেত্ৰ খনত সক্ৰিয় ব্যক্তি হোৱাৰ লগতে চৰন নাৰ্জাৰী কোকৰাঝাৰ কলেজৰ প্ৰবক্তা আছিল । একাধাৰে চৰন নাৰ্জাৰী লেখক আৰু কবিও আছিল ।বড়ো জনগোষ্ঠীৰ এজন অন্যতম ব্যক্তি আছিল চৰন নাৰ্জাৰী । অসমৰ ভৈয়াম জনগোষ্ঠী পৰিষদৰ অন্যতম ব্যক্তি আছিল চৰন নাৰ্জাৰী । তেওঁলোকৰ অধিকাৰ আৰু পৰিচয়ৰ কাৰনে অসম ভৈয়াম জনগোষ্ঠী পৰিষদে চৰন নাৰ্জাৰীৰ নেতৃত্বত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছিল ।

চৰন নাৰ্জাৰীয়ে ১৯৫৯ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৬২ চনত ৰাজনৈতিক বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল চৰন নাৰ্জাৰীয়ে আৰু ১৯৬৪ চনত এল এল বি ডিগ্ৰী লাভ কৰিছিল । চৰন নাৰ্জাৰীয়ে বড়ো ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন ক্ষেত্ৰত যথেষ্ট সহায় কৰা পৰিলক্ষিত হয় ।

বড়ো জনগোষ্ঠীৰ এজন প্ৰসিদ্ধ ব্যক্তি হোৱাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰ খনতো তেওঁ সক্ৰিয় ব্যক্তি আছিল । চৰন নাৰ্জাৰীৰ মৃত্যুত ৰাজনৈতিক ক্ষেত্ৰ খনৰ বিভিন্ন ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে বড়ো সাহিত্য সভায়ে গভীৰ শোক প্ৰকাশ কৰিছে ।

ৰাজ্যিক বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে বড়ো নেতা চৰন নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । লগতে তেওঁ প্ৰকাশ কৰে যে, চৰন নাৰ্জাৰীয়ে অসমৰ ৰাজনৈতিক জগত খনৰ লগতে সামাজিক ক্ষেত্ৰ খনতো আৰু সাহিত্যৰ ক্ষেত্ৰ খনতো যথেষ্ট অবদান আগবঢ়াবই গৈছে।

অসমৰ ভৈয়াম জনগোষ্ঠী পৰিষদৰ নেতৃত্ব বহন কৰি পিছত সক্ৰিয় ৰাজনৈতিক জগত খনত প্ৰবেশ কৰিছিল চৰন নাৰ্জাৰীয়ে । ১৯৭২ চনত তেওঁ প্ৰথম নিৰ্বাচনত জয় হৈছিল । তেওঁ প্ৰথমে বিধান সভা নিৰ্বাচনত জয় হৈ বিধায়ক হোৱাৰ পাছত ১৯৭৭ চনত সাংসদ হয় । চৰন নাৰ্জাৰীৰ মৃত্যুত ৰাজনৈতিক মহলত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে বড়ো সাহিত্য সভায়ে গভীৰ শোক প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com