Begin typing your search above and press return to search.

ইব’লাৰ পৰা ক’ৰ’না ভাইৰাছলৈঃ এটাৰ পাছত আন এটা মহামাৰীৰ সন্মুখীন বিশ্ববাসী

ইব’লাৰ পৰা ক’ৰ’না ভাইৰাছলৈঃ এটাৰ পাছত আন এটা মহামাৰীৰ সন্মুখীন বিশ্ববাসী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2020 2:09 PM GMT

ইব’লাৰ পৰা ক’ৰ’না ভাইৰাছলৈঃ এটাৰ পাছত আন এটা মহামাৰীৰ সন্মুখীন বিশ্ববাসী

বিশ্বৰ বহু দেশ প্ৰগতিৰ দিশত বহু ধাৱমান হ’ল যদিও এটাৰ পাছত আন এটা মহামাৰীয়ে বিশ্ববাসীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ শেহতীয়া কিছুবছৰত বিশ্ববাসী একাধিক মহামাৰীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে এটা মহামাৰী হ’ল ইব’লা ভাইৰাছ সৃষ্ট মহামাৰী ৷ ইয়াৰ পাছতে আহিল সম্প্ৰতি চলি থকা ক’ৰ’না মহামাৰী ৷ অৱশ্যে ইব’লা মহামাৰীৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বহু দেশ হাত সাৰিবলৈ সক্ষম হয় ৷ কিন্তু ক’ৰ’না মহামাৰীৰ নাগপাশৰ পৰা বিশ্বৰ অধিকাংশ দেশেই ৰক্ষা পাবলৈ সক্ষম হোৱা নাই ৷ ক্ৰমাগতভাৱে প্ৰাদুৰ্ভাব ঘটা এই মহামাৰী দুটাক লৈ অধিক সমস্যাৰ সন্মুখীন হ’বলগা হৈছে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকল ৷ মানুহৰ প্ৰাণৰক্ষাৰ বাবে নিজৰ জীৱনকো বিপদৰ মুখলৈ আগবঢ়াই দিবলগীয়া হৈছে স্বাস্থ্যকৰ্মীসকলে ৷ এনে ভয়ংকৰ পৰিস্থিতিৰ অভিজ্ঞতা অৰ্জন কৰা ডাঃ মেৰী ৰ’জালীন বেলিজায়াৰে কয় যে তেওঁলোকে নিজৰ জীৱনলৈ কুণ্ঠাবোধ নকৰি ইব’লা আৰু ক’ৰ’না মহামাৰী আক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াই আছে ৷ ইব’লা মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাৰ সময়ত ২০১৮মে’ত হাইটীৰ এই চিকিৎসকগৰাকী কংগো গণৰাজ্যলৈ আহে ৷ তাৰ পাছৰে পৰা তেওঁ মাৰাত্মক ইব’লা ভাইৰাছৰ দ্বাৰা আক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ লয় ৷ তেতিয়াৰে পৰা তেওঁ ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটালৈকে ইব’লা মহামাৰীত আক্ৰান্তক চিকিৎসা সেৱা আগবঢ়ায় ৷ সম্প্ৰতি ডাঃ বেলিজায়াৰৰ দৰে চিকিৎসকসকলৰ সন্মুখত দুটা বৃহৎ প্ৰত্যাহ্বানে দেখা দিছে ৷ ইয়াৰে এটা হ’ল সংক্ৰামক ইব’লাৰ সংহাৰ আৰু আনটো হ’ল ক’ৰ’নাৰ সংহাৰ ৷ “২০১৮ৰ মে’ৰ পৰা মই কংগো গণৰাজ্যত আছিলোঁ ৷ ক’ৰ’নাৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পাছত মই মধ্য আফ্ৰিকা গণৰাজ্যলৈ আহো ৷ এতিয়া আমি ক’ৰ’নাৰ সংহাৰ প্ৰতিৰোধৰ চেষ্টা কৰি আছোঁ," চিকিৎসকগৰাকীয়ে এইদৰে কয় ৷ কিন্তু ক’ৰ’না আৰু ইব’লাৰ বাহিৰেও আন বহু ৰোগ আছে ৷ আন ৰোগত আক্ৰান্তসকলৰ অৱস্থা কি হ’ব ? এই প্ৰশ্নই এই চিকিৎসকগৰাকীৰ দৰে আন বহু চিকিৎসকৰ মনতো খুন্দিয়াইছে ৷ কাৰণ সম্প্ৰতি অধিকাংশ চিকিৎসকে ক’ৰ’না ৰোগীৰ প্ৰাণৰক্ষাত ব্যস্ত হৈছে ৷ এনে জটিল পৰিস্থিতি সন্দৰ্ভত ডাঃ বেলিজায়াৰে কয়, “ মই এইটো বিচাৰো যে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ক’ৰ’না ৰোগীক লৈ ঘাইকৈ ব্যস্ত হোৱাৰ ফলত যাতে আন ৰোগীয়ে দুৰ্ভোগ ভুগিবলগীয়া নহয় ৷" উল্লেখ্য যে ২০১৪ত ইব’লা মহামৰীয়ে আফ্ৰিকাৰ বহু দেশত সংহাৰ চলায় ৷ ক’ৱিড-১৯মহামাৰীৰ সংহাৰ চলি থকাৰ এই সময়ত মেলেৰিয়া , ডায়েৰিয়াৰ লেখীয়া ৰোগৰো পথ্য দেশসমূহে পৰ্যাপ্ত পৰিমাণত মজুত ৰখাত মানব দৰদী চিকিৎসকগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷ তেওঁ এইবুলিও কয় যে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে যুঁজ দি থকা বিশ্বৰ বহু দেশত আন ৰোগীৰ চিকিৎসাৰ বাবে চৰকাৰী সাহায্যৰ অভাৱ ঘটিবলৈ ধৰিছে ৷ এনে অৱস্থাত পৰিস্থিতি অধিক জটিল হোৱাৰ তেওঁ আশংকা কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: আমেৰিকাত ভাৰতীয় প্ৰতিভাৰ জয়ধ্বজাঃ সুন্দৰ পিচাইৰ ২০১৯ৰ দৰমহা ২৮১নিযুত ডলাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story