বীমা দুৰ্নীতি: কঠোৰ উচ্চ ন্যায়ালয়, দুসপ্তাহত বিশেষ সমিতি গঠনৰ নিৰ্দেশ ৰাজ্য চৰকাৰক

বীমা দুৰ্নীতি: কঠোৰ  উচ্চ ন্যায়ালয়, দুসপ্তাহত বিশেষ সমিতি গঠনৰ নিৰ্দেশ ৰাজ্য চৰকাৰক

বহু কোটি টকীয়া জীৱন বীমা নিগমৰ দুৰ্নীতিৰ তদন্ত শামুকীয়া গতিত হৈ থকাত উম্মা প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক দুসপ্তাহ ভিতৰত তদন্ত সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই তদন্ত সমিতি অতিৰিক্ত আৰক্ষী সঞ্চালক সকলক লৈ গঠন কৰিব লাগিব।মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়ামূৰ্ত্তি অচিন্ত মল্ল বুজৰ বৰুৱাই কয় যে বীমা সম্পৰ্কীয় সকলো তথ্য তদন্তকাৰী বিষয়াসকলক দিয়া হ’ব ৷

ইফালে, বীমা দুৰ্নীতি প্ৰথম বাৰ হৈছিল বিগত বৰ্ষৰ বৰপেটা জিলাত। অসমীয়া যুৱ মঞ্চই উচ্চ ন্যায়ালয়ত প্লাবিক ইনষ্ট্ৰাৰেষ্ট লিটিগেশ্যন জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ে আৰক্ষীক এই সন্দৰ্ভত তদন্ত অতি ক্ষিপ্ৰ গতিৰে কৰিবলৈ নিৰ্দেশ দিয়ে যদিও এই তদন্তই শামুকীয়া গতি লয় ৷ পিছতে উচ্চ ন্যায়ালয়ে বুধবাৰে এক নিৰ্দেশ জাৰী কৰি আৰক্ষী সঞ্চালক প্ৰধানৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে পি আই এল অনুসৰি ৰাজ্যত এক বৃহৎ নেটৱৰ্কে এমাহ বা দুমাহ আগতে মৃত ব্যক্তি সকলৰ বিতং তথ্য একত্ৰিত কৰে। তেওঁলোকে মৃত ব্যক্তিসকলৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা কিছু সাহাৰ্য্য পাব বুলি অৱগত কৰোৱাই।

এনেধৰণৰ আকৰ্ষণীয় ৰণনীতিৰ দ্বাৰা মৃত ব্যক্তিসকলৰ পান কাৰ্ড,ভোটাৰ কাৰ্ড,আদিৰ লগতে প্ৰয়োজনীয় তথ্য পাতি সংগ্ৰহ কৰে। এই চক্ৰটোৱে বেংকৰ কিছুমান বিষয়াৰ লগত মিলি মৃত ব্যক্তিসকলৰ বেংকৰ একাউন্ট খোলে ৷এনেধৰণে বিভিন্ন বীমা কম্পেনীৰ লোকসকলে মৃত ব্যক্তিসকলৰ নামত বীমা পলিচি খোলে ।

লগতে এনেধৰণৰ দুৰ্নীতিত কাৰ্যালয় সহায়ক সকলো জৰিত আছে বুলি শেহতীয়া তথ্যত প্ৰকাশ পাইছে ৷কাৰণ কাৰ্যালয় সহায়ক সকলে সহজে যাৱতীয় নথি পত্ৰ একত্ৰিত কৰি দিব পাৰে। আনহাতে এই দুৰ্নীতিৰ সংক্ৰান্তত শেহতীয়াকৈ বৰপেটা জিলাৰ বহু বীমা এজেন্ট,চিকিৎসালয়ৰ কৰ্মচাৰী,আৰক্ষীৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল ।তেওঁলোকে বৰপেটাৰ উপৰিও নগাঁও,গোৱালপাৰা, বঙাইগাঁও,নলবাৰী আৰু কামৰূপত বিভিন্ন লোকসকলৰ মাজত দুৰ্নীতিৰ জাল পেলাইছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক :Watch | Exceptional Step to counter Human-Elephant Conflict in Digboi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com