ঝাৰখণ্ডৰ মাওবাদীৰ আক্ৰমণত অসমৰ গহপুৰৰ যুৱক নিহত

ঝাৰখণ্ডৰ মাওবাদীৰ আক্ৰমণত অসমৰ গহপুৰৰ যুৱক নিহত

দেওবাৰে ঝাৰখণ্ডত পুনৰ মাওবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰে । ঝাৰখণ্ডৰ দুমকাত সংঘটিত এই আক্ৰমণত ৩৫ নং বেটেলিয়ানৰ এচ এচ বি জোৱান নিৰাজ চেট্টী নিহত হয় । নিৰাজ চেট্টীৰ বয়স ২৮ বছৰ ।

বিশ্বনাথ জিলাৰ হালেম আৰক্ষী থানাৰ অন্তৰ্গত কাৰিবিল নেপালী গাঁওৰ নিবাসী টিকা বাহাদুৰ চেট্টীৰ পুত্ৰ আছিল নিৰাজ চেট্টী। ২০১৪ চনত নিৰাজ চেট্টীয়ে এচ এচ বিত যোগদান কৰিছিল । এই ভয়াবহ আক্ৰমণত আন ৪ জন জোৱান গুৰুত্বৰ ভাৱে আহত হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com