Begin typing your search above and press return to search.

 ৰাজ্য চৰকাৰ-বিশেষজ্ঞৰ অনুৰোধঃ কেন্দ্ৰই বৃদ্ধি কৰিব পাৰে লকডাউনৰ সময়সীমা ‌

 ৰাজ্য চৰকাৰ-বিশেষজ্ঞৰ অনুৰোধঃ কেন্দ্ৰই বৃদ্ধি কৰিব পাৰে লকডাউনৰ সময়সীমা ‌

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 April 2020 7:13 AM GMT

ৰাজ্য চৰকাৰ-বিশেষজ্ঞৰ অনুৰোধঃ কেন্দ্ৰই বৃদ্ধি কৰিব পাৰে লকডাউনৰ সময়সীমা।‌ দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব পাৰে ২১ দিনীয়া লকডাউনৰ সময়সীমা । উল্লেখ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাৱে অলপতে দেশজোৰা তলাবন্ধৰ সময় বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰাৱে কয় যে কেন্দ্ৰ আৰু আন সকলো ৰাজ্যৰ চৰকাৰে লকডাউনৰ বাবে ৰাজহ হেৰুৱাইছে। কিন্তু ইয়াৰ ইতিবাচক ফল হৈছে সকলো লোক সুৰক্ষিত আছে।‌ এটা আন্তৰ্জাতিক স্বাস্থ্য সংস্থাৰ শেহতীয়া এক প্ৰতিবেদনৰ তথ্যৰ উদ্ধৃতি দি তেওঁ চলিত তলাবন্ধৰ ম্যাদ তিনি জুনলৈ বৃদ্ধিৰ পোষকতা কৰে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গই মঙ্গলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু লকডাউনৰ সময়সীমা বৃদ্ধি সন্দৰ্ভত তেওঁৰে আলোচনা কৰে। অৱশ্যে বৰ্তমানলৈ কেন্দ্ৰই লক-ডাউন বৃদ্ধি কৰা-নকৰা সম্পৰ্কত কোনো সিদ্ধান্ত লোৱা নাই। সম্প্ৰতি বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি আছে।

সূত্ৰৰ মতে, চৰকাৰে সদ্যহতে লোৱা সিদ্ধান্ত অনুসৰি লকডাউন অহা ১৪ এপ্ৰিলত অন্ত নপৰে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অলপতে হোৱা এক ভিডিঅ কনফাৰেন্সিঙত মন্তব্য কৰিছিল যে ক’ৰ’না মহামাৰীবিৰোধী যুঁজখন দীঘলীয়া হ'ব । সোমবাৰে বিজেপিৰ প্ৰতিষ্ঠা দিৱসত দলৰ কৰ্ম-কৰ্তাসকলৰ সৈতে হোৱা কথা-বতৰাতো প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা দোহাৰে।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ পিছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই টুইটাৰৰ জৰিয়তে ঘোষণা কৰে যে অহা ১৫ এপ্ৰিলৰ পৰা তলাবন্ধ হ'ব নালাগে যদিও এয়া পৰ্যায় অনুসৰি হ'ব লাগে । মন কৰিব লাগিব যে ৰাজহুৱা স্থানত কোনো ধৰণৰ ভিৰ নহয়।

অন্য খবৰৰ বাবে পঢ়ক: অসমীয়া ভাষাৰ সমৃদ্ধিকৰণঃ ৱিকিপিডিয়াত লিখাৰ আহ্বান সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar

Next Story
চাকৰি