Begin typing your search above and press return to search.

ছুপাৰহিট ছবি অৱতাৰৰ টাইটেল দিও অভিনয় নকৰাৰ সিদ্ধান্ত বলীউডৰ এইজন অভিনেতাৰ

ছুপাৰহিট ছবি অৱতাৰৰ টাইটেল দিও অভিনয় নকৰাৰ সিদ্ধান্ত বলীউডৰ এইজন অভিনেতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 10:42 AM GMT

ছুপাৰহিট ছবি অৱতাৰৰ টাইটেল দিও অভিনয় নকৰাৰ সিদ্ধান্ত বলীউডৰ এইজন অভিনেতাৰ ৷২০০৯ বৰ্ষত সকলোৰে মাজত চৰ্চিত হোৱা এখন ছবি আছিল জেম্চ কেমৰনৰ ছবি অৱতাৰ ৷এই ছবিখনত বলীউডৰ অভিনেতা গোৱিন্দা কাৰণে এটি বিশেষ চৰিত্ৰ আছিল ৷কিন্তু অৱতাৰ ছবিখনত গোৱিন্দাই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৷ কিন্তু অৱতাৰত অভিনয় নকৰিলেও অৱতাৰ ছবিখনৰ নামটো গোৱিন্দাই নিৰ্ধাৰিত কৰিছিল ৷

এক সাক্ষাৎকাৰত গোবিন্দাই মন্তব্য কৰে যে এই ছবিখনৰ সন্দৰ্ভত অৱতাৰ নিৰ্মাণ হোৱাত সাত বছৰ লাগিব বুলি কোৱা প্ৰসংগটোতেই বলীউডৰ অভিনেতা গোবিন্দাই এই ছবিখনত অভিনয় কৰিবলৈ অস্বীকাৰ প্ৰকাশ কৰে ৷ আপ কী আদালত নামৰ অনুষ্ঠানটোত গোবিন্দাই কয় যে মই ছবিখনৰ অৱতাৰ নামটো দিছিলো ৷এই ছবিখন আছিল ছুপাৰহিট ছবি ৷মই জেম্ছ কেমৰনক কৈছিলো যে এই ছবিখনত বহু ভাল কাম হ’ব ৷ কিন্তু জিমছ কেমৰনক গোবিন্দাই জনায় যে এই ছবিখন নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকক প্ৰায় সাত বছৰ লাগিৱ পাৰে।

তেতিয়া জেম্ছ কেমৰনে খঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তুমি কেনেকৈ ইমান নিশ্চিত ভাৱে ক’ব পাৰিলা যে ছবিখন সাত বছৰৰ পিছতহে মুক্তি পাব ৷ আনহাতে ছবিখনত অসম্ভৱক সম্ভৱক কৰিবৰ কাৰণে এক কল্পনা দেখুওৱা হৈছে । গোবিন্দাই লগতে কয় যে কেমৰনে বিছাৰিল যে মই তেওঁলোকৰ লগত ৪১০ দিন কাম কৰোঁ ৷মোৰ দৰে অভিনেতাৰ কাৰণে বডী পেইন্ট কৰাতো সাধাৰণ কথা নহয় ৷

সেয়েহে মই তেওঁক কৈছিলো যে মোক ক্ষমা কৰি দিয়ক ৷ আৰু সেই ছবিখন ছুপাৰ হিট ছবিলৈ পৰিণত হয়। গোৱিন্দাই লগতে সাক্ষাৎকাৰটোত কয় যে আৱতাৰ ছবিখনৰ ওপৰিও গড্ডৰ,চান্দনী,তাল আৰু দেৱদাসৰ দৰে ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰে ৷ গড্ডৰৰ কাহিনী শুনাৰ পিছত গোৱিন্দাই কয় যে মই ইমান অশ্লীল গালি কেনেকৈ দিম ৷

লগতে গোৱিন্দাই কয় যে অভিনেতাগৰাকীৰ মাতৃয়ে কেতিয়াও এনেধৰণৰ শব্দৰ প্ৰয়োগ কৰিবলৈ কেতিয়াও সন্মতি প্ৰদান নকৰে ৷ চান্দনী ছবিখনৰ সময়তো এক বিকলাংগ চৰিত্ৰত অভিনয় কৰিছিল ৷ ছুপাৰহিট ছবি অৱতাৰ মুক্তি হোৱাৰ পিছত ২০১২ চনত গোবিন্দাৰ আন এখন ছবি অৱতাৰ মুক্তি লাভ কৰে৷ কিন্তু ছবিখন কেতিয়াও মুক্তি লাভ নকৰিলে ৷অৱশ্যে কেমৰনে সম্প্ৰতি পুনৰ অৱতাৰ ছবিৰ চিকুৱেল নিৰ্মাণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে ৷ যিটো ২০২১ চনত মুক্তি লাভ কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক: মহিলা সৱলীকৰণৰ ওপৰত ছবি নিৰ্মাণ কৰিলেও মই ৰাউডী ৰাথোৰ আৰু হাউচফুলো কৰিছো: অক্ষয় কুমাৰ

Next Story
চাকৰি