এ পি এছ চি কেলেংকাৰি: ৪৯বৰ্খাস্ত বিষয়াৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

এ পি এছ চি কেলেংকাৰি: ৪৯বৰ্খাস্ত বিষয়াৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

অসম লোকসেৱা আয়োগৰ বিয়াগোম নিযুক্তি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈ চাকৰি হেৰুওৱা বিষয়াসকলক সকাহ নিদিলে ন্যায়ালয়ে ৷ এই বিষয়াসকলৰ ৪৯জনে বৰ্খাস্তকৰণৰ নিৰ্দেশত স্থগিতাদেশৰ আৰ্জিৰে দাখিল কৰা আবেদন খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

উল্লেখ্য যে চৰকাৰে বৰ্খাস্ত কৰা বিষয়া সকলে বৰ্খাস্তকৰণ প্ৰক্ৰিয়া আইন বিৰোধী আখ্যা দি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

এমাহ পূৰ্বে গোচৰটো ৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখিছিল উচ্চ ন্যায়ালয়ে। এই আবেদনসমূহৰ শুনানীৰ সময়ত চৰকাৰী পক্ষৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি দিছিল উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মনিন্দৰ সিং আৰু নলীন কোহলিয়ে ৷ ন্যায়ালয়ে বুধবিৰে ৪৯ খন আৱেদনেই খাৰিজ কৰে। আনহাতে, মুঠ ৭১ জন ৰাজপত্ৰিত বিষয়াই বৰ্খাস্তকৰণৰ স্থগিতাদেশ বিচাৰিছিল। বৰ্খাস্ত

হোৱা বিষয়াসকলৰ অভিযোগ আছিল পক্ষ নুশুনাকৈয়ে চৰকাৰে তেওঁলোকক বৰ্খাস্ত কৰিছিল৷

পূৰ্বে কেইজনমান ৰাজপত্ৰিত বিষয়াৰ বৰ্খাস্তকৰণত স্থগিতাদেশ দিছিল ন্যায়ালয়ে।

কিন্তু শেহতীয়া শুনানীয়ে সকলো অভিযুক্তৰে বৰ্খাস্তকৰণ নিশ্চিত কৰি ন্যায়ালয়ে ৰায়দান কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Author Dr. Paramanada Majumdar honoured with Maghai Oja Award

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com