কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক?চৰ্চিত সৰ্বত্ৰে

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক?চৰ্চিত সৰ্বত্ৰে

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক কোন হ’ব৷এই প্ৰশ্নই সম্প্ৰতি সকলোৰে মাজত চৰ্চা লাভ কৰিছে। আজি বিয়লি প্ৰায় সাত বজাত নতুন প্ৰশিক্ষকৰ নাম ঘোষণা কৰাৰ সম্ভৱনা আছে ৷ ইফালে দলৰ মুখ্য প্ৰশিক্ষকৰ কাৰণে ইতিমধ্যে আৰম্ভ হৈছে সাক্ষাৎকাৰ ৷কপিল দেৱৰ নেতৃত্বত ক্ৰিকেট এডভাইজৰী কমিটীয়ে গ্ৰহণ কৰিছে এই সাক্ষাৎকাৰ ৷ এই কমিটীৰ আন সদস্যসকলৰ ভিতৰত আছে প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গায়কোৱাড় আৰু মহিলা ক্ৰিকিট দলৰ প্ৰাক্তন অধিনায়ক শান্তা ৰংগাস্বামী ।

আনহাতে মুখ্য প্ৰশিক্ষকৰ শাৰীত আছে বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী,ৰবিন সিং,লালচন্দা ৰাজপুত,মাইক হেছন,টম মুদী আৰু ফিল ছাইমণ্ডছ। ইফালে কপিল দেৱৰ লগতে চিএচি অন্য সদস্য সকলৰ লগত অংশুমান গায়কোৱাড় আৰু শান্তা ৰংগাস্বামীয়ে প্ৰেছ কনফাৰেন্সত ভাগ ল’ব ৷ চলিত বৰ্ষৰ বিশ্ব কাপৰ পিছত ৰবি শাস্ত্ৰীৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত বিচিচিআইয়ে প্ৰতিষ্ঠিত পদৰ কাৰণে ৬ জন লোকক চিনাক্ত কৰিছিল ৷শাস্ত্ৰীৰ লগতে ভৰত অৰুণ,সঞ্জয় বানগাৰ আৰু আৰ শ্ৰীধৰক ৪৫ দিনৰ কাৰণে লোৱা হৈছিল ।

আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ কাৰণে মুম্বাইত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত প্ৰথমে ক্ৰিকেট এডভাইজৰী কমিটীৰ মুখামুখী হয় ৰবিন সিং ।ইণ্ডিয়ান প্ৰমিয়াৰ লীগৰ দল মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক ৰবিন সিং ৷ তেওঁক ছাপ’ৰ্ট ষ্টাফৰ বাবে মুখ্য বাছনিকৰ্তা এম এছ কে প্ৰসাদে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ৷ আনহাতে বিচিচিআইৰ মতে ছাপৰ্ট ষ্টাফৰ কাৰণে ইতিমধ্যে ২০০০ ৰো অধিক আবেদন গ্ৰহণ কৰিছে ৷

বিচিচিআইৰ নিয়ম অনুসৰি, প্ৰশিক্ষক বাছনিৰ বাবে ন্যূনতম ৩০খন টেষ্ট আৰু ৫০খন এদিনীয়া খেলিব লাগে। কিন্তু মাইক হেছনৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হোৱা নাই। হেছনে কেতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই, কিন্তু তেওঁ নিউজীলেণ্ড ক্ৰিকেট দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ সফলতাত তেওঁৰ অৱদান আছে।

ইফালে, লালচান্দ ৰাজপুতে দুখন টেষ্ট আৰু চাৰিখন এদিনীয়া খেলিছে। কিন্তু তেওঁ ২০০৭ চনত টি–২০ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল। এই পদৰ বাবে ৬ গৰাকী দাবীদাৰৰ ভিতৰত তিনিগৰাকী বিদেশী প্ৰশিক্ষক।টীম ইণ্ডিয়াৰ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয় দলৰ সৈতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত আছে। সেয়েহে ৰবি শাস্ত্ৰীৰ সাক্ষাৎকাৰ সকলোতকৈ শেষত লোৱা হ’ব। স্কাইপৰ জৰিয়তেও লোৱা হ’ব পাৰে শাস্ত্ৰীৰ সাক্ষাৎকাৰ।

ভিডিঅ প্ৰতক্ষ্য কৰক:ATDC Press Conference in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com