Begin typing your search above and press return to search.

ভাৰতীয় চাহ নিগমে চাহ বাগিছা সম্প্ৰসাৰণ বন্ধ কৰিব বিচাৰিছে

ভাৰতীয় চাহ নিগমে চাহ বাগিছা সম্প্ৰসাৰণ বন্ধ কৰিব বিচাৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Aug 2019 8:59 AM GMT

অসমৰ চাহপাতে বিশ্ব অভিলেখ গঢ়াৰ এদিনৰ পাছতে বৃহস্পতি বাৰে ভাৰতীয় চাহ নিগমে চৰকাৰক চাহ বাগিছা সম্প্ৰসাৰণ বন্ধ কৰিবলৈ আহ্বান জনাইছে । পাঁচটা অঞ্চলত চাহ বাগিছা সম্প্ৰসাৰণ বন্ধ কৰিবলৈ প্ৰকাশ কৰিছে আৰু ৩ বছৰৰ পি এফ ( provident fund) কৰ্মচাৰী সকলক প্ৰদান কৰিবলৈ কৈছে । এদিনৰ পূৰ্বে গুৱাহাটী চাহ নিলাম বজাৰত এক কিলোগ্ৰাম চাহপাত ৫০,০০০ টকাত বিক্ৰী হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে মাইজান চাহ বাগিছাৰ চাহপাতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মাইজান চাহ বাগিছাৰ গ’ল্ড টি এক কিলোগ্ৰামত ৭০৫০১ টকাত বিক্ৰী হয়। গুৱাহাটীৰ মুনধ্ৰা চাহ কোম্পানীয়ে মাইজান চাহ বাগিছা ৰ চাহপাত ক্ৰয় কৰে ৭০,৫০১ টকাত । গুৱাহাটী মুনধ্ৰা চাহ কোম্পানীৰ লগতে বেলজিয়ামৰ এটা কোম্পানী ষ্টিভেন প্লাজিয়েৰ আৰু অনলাইন টি ষ্টোৰ এটাৰো অংশ আছে।

মংগলবাৰে ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম মনোহাৰী গ’ল্ড টি ৫০,০০০ টকাত বিক্ৰী হৈছিল । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। মঙলবাৰে নিলাম বজাৰত বাগিচাখনৰ প্ৰতি কিলোগ্ৰাম চাহৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ। মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিলে ১ কিলোগ্ৰাম চাহ।

গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ’ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।

৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পূৰ্বে পৰ্যন্ত।

চাহ উদ্যোগৰ সংকটৰ কথা উল্লেখ কৰি ভাৰতীয় চাহ নিগমে প্ৰকাশ কৰে যে, " মিলিয়ন কৰ্মচাৰীৰ চাকৰি নিশ্চিত কৰিবলৈ উদ্যোগটো অসক্ষম । যদিও চাহৰ মূল্য স্থিৰ আছিল , উৎপাদনো বৃদ্ধি পাইছিল কিন্তু চাহ উদ্যোগকাৰী সকল লোকচানত থকাৰ বাবে এই সমস্যাটো সন্মুখীন হৈছে।

" চৰকাৰৰ তৰফৰ পৰা ৩ বছৰৰ পি এফ ( Provident fund) তৎকাল সাহাৰ্য্য হিচাপে প্ৰদান কৰিবলৈ কোৱা হৈছে । উৎপাদনৰ ব্যয়ৰ ভিত্তিত শ্বেয়াৰৰ বাবে নিম্নতম সংৰক্ষণ দৰৰ দাবিও কৰিছে ।

অসমৰ চাহ উদ্যোগৰ বাবে নিশ্চিত ভাৱে সু-খবৰ । অসমৰ চাহ ব্যৱসায়ী সকলক ইয়ে যথেষ্ট উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছিল । কিন্তু বিশ্ব অভিলেখ গঢ়াৰ এদিনৰ পাছতে বৃহস্পতি বাৰে ভাৰতীয় চাহ নিগমে চৰকাৰক চাহ বাগিছা সম্প্ৰসাৰণ বন্ধ কৰিবলৈ আহ্বান জনাইছে ।

অধিক খবৰৰ বাবে পঢ়ক: বিশ্ব অভিলেখ গঢ়ি মাইজান চাহ বাগিছাৰ চাহপাত এক কিলোগ্ৰামত ৭০,৫০১ টকাত বিক্ৰী

Next Story
চাকৰি