Begin typing your search above and press return to search.

স্বদেশী মুছলমানসকলৰ বিদেশীসকলৰ বিৰুদ্ধে পদক্ষেপ

স্বদেশী মুছলমানসকলৰ বিদেশীসকলৰ বিৰুদ্ধে পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2019 9:04 AM GMT

ৰাজ্যৰ স্বদেশী মুছলমানসকলৰ এক বিশেষ পদক্ষেপ৷ অবৈধ লোকসকলে যাতে কোনো ধৰণৰ সাংবিধানিক সুৰক্ষা লাভ নকৰে তাৰ কাৰণে স্বদেশী মুছলমানসকল সক্ৰিয় হৈ উঠিছে ৷লগতে তেওঁলোকে ৰাজ্যৰ জনসাধাৰণৰ মত একত্ৰিত কৰিছে। শনিবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰা খেলপথাৰত ২১ টা স্বদেশী মুছলিম সংগঠন আৰু জনগোষ্ঠীয় সমন্বয় পৰিষদে এখন বৈঠক আয়োজিত কৰে ৷ বৈঠকখনত অসম চুক্তিৰ ষষ্ঠ অনুসূচীৰ সন্দৰ্ভতো আলোচনা কৰে।

এই বৈঠকখনৰ মুখ্য বিষয় আছিল সাংবিধানিক সুৰক্ষা,অসম বিধানসভাৰ আসন সংৰক্ষণ আৰু বিদেশীলোকসকলৰ কাৰণে স্বদেশী লোকসকলৰ হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা। পৰিষদৰ মুখ্য আহ্বায়ক মমিনুল আৱালে কয় যে অসম চুক্তি ষষ্ঠ অনুচ্ছেদৰ সন্দৰ্ভত শুক্ৰবাৰে ইতিমধ্যে এখন উচ্চ স্তৰীয় কমিটীৰ লগত মিলিত হৈছে আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

অসমৰ লোকসকলৰ পৰিচয়,ভিত্তি বৰ্ষ আদি বিষয়সমূহৰ লগত প্ৰশ্ন উত্থাপন কৰি লাভ নাই। অসমৰ লোকসকলৰ বিদেশী লোকৰ কাৰণে ৰাজনৈতিক,সামাজিক,সাংস্কৃতিক,আৰ্থিক আদি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷এই বিদেশীসকলৰ কাৰণে ৰাজ্যৰ ২৫ খন বিধানসভা ক্ষেত্ৰৰ লোকসকল ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।

গতিকে ২৫ খন বিধানসভাৰ লোকসকল কাৰণে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ২৫ খন বিধান সভাৰ নিৰ্বাচন ক্ষেত্ৰ হৈছে মানকাছাৰ,দক্ষিণ শালমাৰা,ধুবুৰী, গৌৰীপুৰ,গোলোকগঞ্জ,পশ্চিম বিলাশীপাৰা,পূব বিলাশীপাৰা,উত্তৰ অভয়াপুৰী,পূব গুৱালপাৰা,পশ্চিম গোৱালপাৰা,জৱালেশ্বৰ,ভৱানীপুৰ,জনিয়া, বাঘবৰ,সৰু ক্ষেত্ৰী,চেঙা,ছয়গাওঁ, দলগাঁও,লাহৰিঘাট,ধিং,বটদ্ৰৱা,ৰূপহীঘাট, চামুগুৰি,যমুনামুখ আৰু নাওবৈচা আদি ৷

লগতে আৱালে কয় যে হাজং,দেউৰী,চাহ জনজাতি লোকসকল ৰাজনীতিত অত্যাধিক প্ৰভাৱিত হয় কাৰণ তেওঁলোকে নিৰ্বাচনত প্ৰাৰ্থীসমূহক প্ৰতিদ্বন্দিতা কৰোঁৱাত বিফল হয় ৷গতিকে ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিনিধিসকলক সুনিশ্চিত কৰিবৰ কাৰণে তেওঁলোকক এখন উচ্চ সদনৰ আৱশ্যক । আনহাতে এনআৰচিত অন্তৰ্ভূক্ত হ’বলৈ অযোগ্য বুলি চিনাক্ত হোৱা গৰিয়া, মৰিয়াৰ লগতে অন্যান্য লোকসকল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰিবলৈ যাব ৷ আৰু এই সন্দৰ্ভত জনতাৰ ৰায় ল’বৰ কাৰণে বিভিন্ন ঠাইত বৈঠক অনুষ্টিত কৰিব পৰিষদে।

অন্য খবৰৰ বাবে পঢ়ক:স্বদেশী মুছলমানসকলৰ জনসংখ্যাৰ গণনা সন্দৰ্ভত প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Next Story
চাকৰি