Begin typing your search above and press return to search.

দুৰ্নীতিৰ লগত জৰিত থকা সকলৰ ক্ষেত্ৰত বিহীত ব্যৱস্থাঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

দুৰ্নীতিৰ লগত জৰিত থকা সকলৰ ক্ষেত্ৰত বিহীত ব্যৱস্থাঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2019 7:23 AM GMT

ৰাজ্যত সম্প্ৰতি বি এড আৰু ডি এল এডৰ (B.Ed./D.EL Ed) সন্দৰ্ভত ভূৱা নথি পত্ৰ দিয়া আৰু তৈয়াৰ কৰা সকলৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিহীত ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷লগতে মন্ত্ৰী ভট্টাচাৰ্যই কয় যে টেট পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত যদি কোনোবাই ভূৱা নথি পত্ৰ প্ৰস্তুত কৰে তেন্তে সেইসকলৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰা হ’ব।

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শুক্ৰবাৰে বিভাগীয কৰ্তৃপক্ষৰ লগত টেট পৰীক্ষাৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে। অন্যান্য বিষয়ৰ লগতে টেট আবেদকসকলৰ বিষয়েও বৈঠকখনত আলোচনা কৰে ৷ টেটৰ কাৰণে অন লাইন আবেদন কৰাসকলে নিৰ্দিষ্ট ক্ষেত্ৰৰ পৰা টেন উত্তীৰ্ণ কৰাৰ পিছত শিক্ষক পদৰ কাৰণে আবেদন কৰিব পাৰে ৷ লগতে অন্য জিলাত টেট পৰীক্ষা উত্তীৰ্ণ লোকজন সংস্থাপন নহয় ৷

ইফালে এই বৈঠকখনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব,বিভাগীয় বিষয়াসকল,চেবা বিষয়াসকলৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যৰ কোনো মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণীঃশিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক :Watch Video | Jatin Bora visits home town Nagaon for the promotions of 'Ratnakar'

Next Story
চাকৰি