Begin typing your search above and press return to search.

দেশৰ আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ ক্ষেত্ৰত ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰতিক্ৰিয়া

দেশৰ আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ ক্ষেত্ৰত ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Aug 2019 6:55 AM GMT

দেশৰ আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ ক্ষেত্ৰত ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰতিক্ৰিয়া ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মন্তব্য যে ১০০০ তকৈ অধিক গোচৰ দেশৰ সকলো আদালতত ৫০ বছৰতকৈ অধিক সময় ধৰি নিষ্পত্তি নোহোৱাকৈ চলি আছে ৷ ইয়াৰে দুই লাখতকৈ অধিক গোচৰ ২৫ বছৰতকৈ দীৰ্ঘ সময় ধৰি চলি আছে। ইফালে ২০ লাখতকৈও অধিক দেৱানী গোচৰ আৰু এক কোটিতকৈ অধিক ফৌজদাৰী গোচৰ বিচাৰ নোহোৱাকৈ পৰি আছে ৷ ইয়াৰ প্ৰধান কাৰণ ন্যায়াধীশৰ অভাৱ ৷

দেওবাৰে পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে ১০ জুলাইত বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক উদ্দেশ্য কৰি ২৫ বছৰ আৰু ৫০ বছৰীয়া পুৰণি গোচৰসমূহ অনতি পলমে সমাধান কৰিবলৈ নিৰ্দেশ দিছিল ৷

ইফালে ৰাজ্যত ২৫ বছৰ পুৰণি প্ৰায় ১০৬ টা গোচৰ আছে।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক ৰাজ্যত দীৰ্ঘ সময় ধৰি চলি থকা গোচৰসমূহ অনতি পলমে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে বিভিন্ন সময়ত নিজৰ বাকপটুতাৰ চিনাকি দিয়া ন্যায়াধীশ ৰঞ্জন গগৈয়ে বহুসময়ত এই গোচৰসমূহৰ নিস্পত্তিৰ ক্ষেত্ৰত লেহেমীয়া গতি পৰ্যবেক্ষণ কৰি আহিছে ৷

ৰঞ্জন গগৈয়ে লগতে কয় যে মই অনুভৱ কৰোঁ যে ন্যায়াধীশসকলে জনসাধাৰণৰ বিশ্বাসৰ ওপৰত কাম কৰি আগবাঢ়ি যাব লাগে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰেক্ষাগৃহ দেওবাৰে আধাৰশিলা স্থাপন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় প্ৰেক্ষাগৃহ নিৰ্মাণে উচ্চ ন্যায়ালয়ৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ন্যায় ব্যৱস্থাৰ দৰে অতি জটিল বিষয়ৰ সৈতে জড়িত হৈ থকা মানুহখিনিয়ে বিভিন্ন অধিবেশন বা সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰিব পাৰিব।

ন্যায়াধীশ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখে সাধাৰণ লোকে ৷ সাধাৰণ লোকৰ এই বিশ্বাস যাতে ভংগ নহয় তাৰ কাৰণে সকলো সজাগ হ’ব লাগিব ৷ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকি কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৃষীকেশ ৰয়,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ একে গোস্বামী,ওড়িশাৰ লোকায়ুক্ত অজিত সিঙে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰক্ষাগৃহ নিৰ্মাণত সন্তুষ্টি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ

Next Story
চাকৰি