Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী:বায়মেট্ৰিক সংগ্ৰহৰ অন্তিম দিন ১৫ জুলাই

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী:বায়মেট্ৰিক সংগ্ৰহৰ অন্তিম দিন ১৫ জুলাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 7:08 AM GMT

ৰাজ্যিক গৃহ আৰু ৰাজনীতি বিভাগে ৰাজ্যৰ জিলা উপায়ুক্ত সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আপত্তিৰ সন্দৰ্ভত সকলো গোচৰ বায়মেট্ৰিক সংগ্ৰহ সমাপ্ত কৰিবলৈ ১৫ জুলাই অন্তিম দিন ধাৰ্য কৰিছে। জিলা উপায়ুক্তয়ে ইতিমধ্যে ১৫ জুলাইত বায়মেট্ৰিক সংগ্ৰহ সমাপ্ত কৰিবলৈ অতিৰিক্ত কৰ্মচাৰীক নিয়োগ কৰাৰ লগতে যন্ত্ৰপাতি অনাৰ নিৰ্দেশ দিছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে এন আৰ চি প্ৰক্ৰিয়াত এই বায়মেট্ৰিক সংগ্ৰহ সমূহ সহায়ক হব সেয়েহে আদেশ জাৰি কৰা হৈছে । আপত্তিৰ আবেদন কৰা ২৩ লোকৰ ৫৫% হে সম্পূৰ্ণ হৈছে বৰ্তমানলৈকে । উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ ৩১ জুলাই সময় সীমা ধাৰ্য কৰিছে ।

কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে গোৱালপাৰা আৰু চিৰাং জিলাত ৯০ % বায়মেট্ৰিক সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে । আনহাতে আন কিছুমান জিলাত বায়মেট্ৰিকৰ কাম ৪০% হে সম্পূৰ্ণ হৈছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ কৰা লোক সকলৰ বায়মেট্ৰিক চেম্পুল সংগ্ৰহ কৰে অসম চৰকাৰে, লগতে যিসকলে আপত্তি আবেদন কৰিছিল সেইসকলৰো সংগ্ৰহ কৰা হয় বায়মেট্ৰিক চেম্পুল ।

গৃহ আৰু ৰাজনীতি বিভাগে "ৰাজ্যিক পঞ্জী " হিচাপে অভিহিত কৰাৰ পৰিবৰ্তে জিলা উপায়ুক্তয়ে "এনৰোলমেন্ট এজেঞ্চী" হিচাপে অভিহিত কৰিছে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বায়মেট্ৰিক চেম্পুল সংগ্ৰহৰ ক্ষেত্ৰত দিছপুৰে পৃথকৈ বাজেট ধাৰ্য্য কৰিছে । বায়মেট্ৰিক সত্য সত্যতা নিৰূপণ ৰ বাবে কিছুমান অনন্য চিহ্নিত কৰা হয় । ৩৬.২ লাখ লোকে এন আৰ চিত অন্তভূক্তিৰ বাবে আবেদন কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি