Begin typing your search above and press return to search.

জৰিমনা পৰিশোধ কৰি ক্ষোভিত অভিযন্তা : বিপদত আৰক্ষী

জৰিমনা পৰিশোধ কৰি ক্ষোভিত অভিযন্তা : বিপদত আৰক্ষী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2019 11:02 AM GMT

যান বাহন আইন উলংঘা কৰাৰ পিছত , যেতিয়া যান বাহন আৰক্ষীয়ে জৰিমনাৰ বিল খন আগবঢ়াই দিয়ে তেতিয়া যান বাহন আইন উলংঘাকাৰী সকলৰ অৱস্থা চাব লগীয়া হয়। বিগত সময়ত যান বাহন আইন উলংঘা কৰি চালক সকলে ১০ গুণতকৈ অধিক জৰিমনা পৰিশোধ কৰিছে ৷ গতিকে চালক সকলে যান বাহন নিয়ম উলংঘা কৰাৰ পৰা বিৰত আছে ৷ কিন্তু আজি আমি আপোনালোকক জনাম এনে এক ঘটনা,যি ঘটনাই আচৰিত কৰিব আপোনাক।

কাৰণ সম্প্ৰতি মুখামুখি হৈছে যান বাহন আইন আৰু বিদুৎ বিভাগ ৷ আৰু যাৰ কাৰণে আৰক্ষী থানাত প্ৰায় পাঁচ ঘন্টা বিজুলী কাটি দিয়ে বিদুৎ বিভাগে। উত্তৰ প্ৰদেশৰ মীৰাটত তেজগড়ী আৰক্ষী থানাৰ ওচৰত, আৰক্ষীয়ে বাহনসমূহৰ চেক কৰি থাকোঁতে জেই সোম প্ৰকাশৰ বাহন খনো সকলো তথ্য পাতি আছে নে নাই সেয়া চাবলৈ তদন্ত কৰে। ইয়াৰ পিছতেই সোম প্ৰকাশে ডি এল,আৰ চিৰ সকলো কাগজ পত্ৰ আৰক্ষীক দেখুৱাই ৷ কিন্তু সোম প্ৰকাশৰ ওচৰত প্ৰদূষণৰ চাৰ্টিফিকেট আৰু হেলমেট নাছিল ৷

সেয়েহে জেই সোম প্ৰকাশক আৰক্ষীয়ে হেলমেট পৰিধান নকৰা আৰু বায়ুপ্ৰদূষণ কৰা বাহন ব্যৱহাৰ কৰাৰ কাৰণে জৰিমনা বিহে। আনহাতে জেই সোম প্ৰকাশে হেলমেট পৰিধান নকৰাৰ সন্দৰ্ভত কয় যে মোৰ মাথাত এলাৰ্জি হৈ আছিল ।সেয়েহে মই হেলমেট পৰিধান কৰা নাছিলো ৷ ইফালে জেই সোম প্ৰকাশে আৰক্ষীক চালান নাকাটিবলৈ কয় যদিও আইন সকলোৰে কাৰণে সমান বুলি মন্তব্য কৰে আৰক্ষী বিষয়াজনে ৷ যাৰ কাৰণে দুয়োগৰাকীৰ মাজত মতভেদো ঘটে ।

কিন্তু ইয়াৰ পিছতেই বিদুৎ বিভাগৰ অভিযন্তা জেই সোম প্ৰকাশেও নিজৰ দায়িত্ব পালন কৰে। আৰু সেই নিৰ্দিষ্ট আৰক্ষী থানাখনৰ বিদুৎৰ যোগান কাটি দিয়ে ৷ আৰু আৰক্ষী থানা খন প্ৰায় পাঁচ ঘন্টা সময় বিদ্যুতৰ সংযোগ অবিহনে থাকিব লগা হয় ৷

সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷ আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: দাবাং আৰু জেমছ বণ্ড নহয় , এই বাৰ চলন্ত অ’টো ৰিস্কাৰ টায়াৰ সলনি কৰিলে অ’টো চালকে

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP observed ‘Janajagaran Sabha’ in Duliajan | The Sentinel News | Assam News

Next Story
চাকৰি