Begin typing your search above and press return to search.

সমাগত দুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বৈঠক

সমাগত দুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2019 1:52 PM GMT

সমাগত দুৰ্গা পূজা ৷ সেয়ে সাজু হৈছে সকলো জনসাধাৰণ ৷মহানগৰীত যাতে সকলো ফালৰ পৰা শান্তি সম্প্ৰীতিৰে দুৰ্গা পূজা অনুষ্ঠিত হ’ব পাৰে ৷ তাৰ কাৰণে সাজু হৈছে প্ৰশাসন। আজি গুৱাহাটী পৌৰ নিগম,ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ,এপিডিচিএল, দুৰ্যোগ প্ৰশমণ আদি বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু মহানগৰীৰ দুৰ্গা পূজা কমিটীসমূহৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত দুৰ্গাপূজা উদযাপন সমিতিসমূহৰ দুৰ্গোৎসৱ উদযাপনৰ ক্ষেত্ৰত মানি চলিব লগীয়া নীতি নিয়মসমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে । এই সভা খনত উপায়ুক্ত বিশ্ব জিৎ পেগুৱে দুৰ্গোৎসৱ যাতে অনুকুল পৰিৱেশত অনুষ্ঠিত হয় তাৰ কাৰণে পূজা কমিটীসমূহক অনুৰোধ জনায়। লগতে প্ৰদূষণৰ বাবে ক্ষতিকাৰক প্লাষ্টিক আৰু থাৰ্মকল আৰু পৰিস্কাৰ পৰিচ্ছনতাৰ প্ৰতিও যাতে সকলো পূজা কমিটীয়ে দৃষ্টি ৰাখে তাৰ তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয় উপায়ুক্ত পেগুৱে।

ইফালে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ,দুৰ্যোগ ব্যৱস্থাপনা বিভাগ,অগ্নি আৰু জৰুৰীকালীন সেৱা,এপিডিচিএল, গড়কাপ্তানি আদি বিভাগে দিয়া নীতি নিয়মসমূহৰ লগতে আৰক্ষী বিভাগৰ নীতি নিয়ম সমূহক মানি চলিবলৈ আহ্বান জনায়। পুজা কমিটী সমূহক সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়াসকলৰ সৈতে সুমন্বয় ৰক্ষা কৰিবলৈ জিলা উপায়ুক্ত পেগুৱে আহ্বান জনায়। আনহাতে পূজাস্থলীসমূহত পৰ্যাপ্ত পৰিমাণৰ পোহৰা ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

যিকোনো মাদক দ্ৰব্য ব্যৱহাৰ কৰি যাতে পূজা স্থলীৰ আধ্যাত্মিক পৰিবেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ পূজা কমিটীক আহ্বান কৰে উপায়ুক্তই। এই ক্ষেত্ৰত আবকাৰী বিভাগকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় জিলা উপায়ুক্ত গৰাকীয়ে ৷ ইফালে সততে দেখা যায় পূজাসমূহত লাউড স্পীকাৰ ব্যৱহাৰ কৰি শব্দ প্ৰদূষণ কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত পূজা কমিটীসমূহক সজাগ হ’বলৈ কয় উপায়ুক্তই ৷ যাতে কোনো ধৰণৰ শব্দ প্ৰদূষণৰ সৃষ্টি নহয়।

লগতে পথত পূজাৰ পেন্দেল দি যাত্ৰীসকলৰ অহা যোৱা কৰাত বাধা নিদিবলৈ আহ্বান কৰে উপায়ুক্তই। আনহাতে দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মসমূহ মানি চলে তাৰ প্ৰতি পূজা কমিটীসমূহক লক্ষ্য ৰাখিবলৈ আহ্বান কৰে উপায়ুক্তই। উল্লেখ্য যে সভাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে দুৰ্গা পূজা উৎযাপন কৰিবলৈ কয়।

আৰু প্ৰত্যেকটো অঞ্চলৰ দুৰ্গা পূজা কমিটীসমূহে স্থানীয়ি আৰক্ষী থানাৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ আহ্বান কৰে। সভাত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ উপ সঞ্চালক জয়শ্ৰী খেৰছা,গুৱাহাটী আৰক্ষী ডিচিপি প্ৰশান্ত শইকীয়া,অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ লগতে এপিডিচিএলৰ বিষয়াসকলে ভাষণ দিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: সৰ্বস্তৰৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে কাম কৰিছে : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক:AASU staged sit-in demonstration in Namrup

Next Story
চাকৰি