Begin typing your search above and press return to search.

বাছযাত্ৰী সকললৈ সুখবৰ, অচিৰেই গুৱাহাটীৰ পৰা আমিনগাঁওলৈকে চলিব চিটিবাছ

বাছযাত্ৰী সকললৈ সুখবৰ, অচিৰেই গুৱাহাটীৰ পৰা আমিনগাঁওলৈকে চলিব চিটিবাছ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2020 1:23 PM GMT

বাছযাত্ৰী সকললৈ সুখবৰ, অচিৰেই গুৱাহাটীৰ পৰা আমিনগাঁওলৈকে চলিব চিটিবাছ ।

আমিনগাঁৱৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰা বাছযাত্ৰীসকললৈ সুখবৰ! অচিৰেই গুৱাহাটী-আমিনগাঁও সংযোগী পথত চলাচল কৰিব চিটিবাছে। কামৰূপ(গ্ৰাম্য)জিলা পৰিবহণ কাৰ্যালয়ে আমিনগাঁও-গুৱাহাটীৰ মাজত চিটিবাছ চলাচল কৰোৱাৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী চিটিবাছ সেৱা আমিনগাঁৱলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱাৰ বিষয়ে সদৰী কৰি কামৰূপ(গ্ৰাম্য)জিলা পৰিবহণ বিষয়া (ডি টি অ’) গৌতম দাসে সাংবাদিকৰ আগত কয়, “ এই বাছ সেৱাৰ জড়িয়তে শীঘ্ৰে বাইহাটা চাৰিআলি আৰু উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰলৈকে সেৱা আগবঢ়োৱা হ’ব।

যিকোনো মূল্যৰ বিনিময়ত গুৱাহাটীৰ জটিল যান-জঁটৰ সমস্যা হ্ৰাস কৰা হ’ব। তীব্ৰ যান-জঁট হ্ৰাস কৰা হ’ব”।উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰি কামৰূপৰ পৰিবহণ বিভাগ আৰু আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ(আৰ টি এ)-ই গুৱাহাটীৰ বাট-পথত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত্ সমবিতৰণ নীতি প্ৰয়োগ কৰিছে।ইয়াৰ আধাৰত এটা পথ আমিনগাঁওলৈকে বৃদ্ধি কৰা হৈছে।তদুপৰি সম্প্ৰসাৰিত পথত উত্তৰ গুৱাহাটী, মিৰ্জা, চন্দ্ৰপুৰ আৰু ক্ষেত্ৰীকো সামৰি লোৱাৰ ইংগিত দিয়ে জিলা পৰিবহন বিষয়া দাসে। সম্প্ৰতি আমিনগাঁৱৰ পৰা গুৱাহাটীলৈ চিটিবাছে চলাচল কৰিব আৰু এই পথ শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব বুলি তেওঁ জনায়। দাসে কয় যে ইতিমধ্যে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই এটা বাছ আস্থানৰ আৱ্ণ্টন জনাইছে।

তদুপৰি পৰিবহন বিভাগে যাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সৃষ্টিৰ উদ্দেশ্য এটা এপ মুকলি কৰিব বুলিও তেওঁ সদৰী কৰে।ইয়াৰ প্ৰস্তাৱ অচিৰেই আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষলৈ আগবঢ়োৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে, বৃহস্পতিবাৰে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সভাত পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্য এটা এপ মুকলি কৰে। এই এপৰ জড়িয়তে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক সহায়-সাহায্য আগবঢ়োৱাৰো লক্ষ্য লোৱা হৈছে। তদুপৰি ইয়াৰ জড়িয়তে পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰা হ’ব।উক্ত সভাত সভাপতিত্ব কৰি কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কমল বৈশ্যই কয় যে আমিনগাঁৱৰ পৰা গুৱাহাটী সংযোগী চিটিবাছৰ চলাচল অচিৰেই বাস্তৱ হৈ উঠিব। জিলা পথ সুৰক্ষা সমিতিয়ে মুকলি কৰা এই এপ সম্পৰ্কত উপায়ুক্ত বৈশ্যই লগতে কয়, “ এই এপৰ পৰা পৰিবহণ বিভাগ, জিলা প্ৰশাসন, আৰক্ষী, স্বাস্থ্য আদি বহু বিভাগৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ(এন এইচ এ আই) আদিক সহায় কৰিব।ইয়াৰ দ্বাৰা পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা যাব”।

অন্য খবৰৰ বাবে পঢ়ক : বৰেণ্য পৰিৱেশ কৰ্মী যাদৱ পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা

ভিডিঅ প্ৰতক্ষ্য কৰক : North East Trade Facilitation Fair 2020 begins from Feb 28

Next Story
চাকৰি