Begin typing your search above and press return to search.

নামনি সোৱনশিৰী বান্ধ: আছুৰ প্ৰতিক্ৰিয়া

নামনি সোৱনশিৰী বান্ধ: আছুৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2019 8:39 AM GMT

নামনি সোৱনশিৰী জলবিদ্যুত প্ৰকল্পৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন সংগঠনে ৷ এই সন্দৰ্ভতে সদৌ অসম ছাত্ৰ সংগঠনে ২৭ আগষ্টত গুৱাহাটী বিশ্ব বিদ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰিছে । লগতে আছুৱে নামনি সোৱনশিৰীৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

শনিবাৰে সংবাদ মাধ্যমৰ লগত হোৱা মত বিনিময়ত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে নামনি সোৱনশিৰী জল বিদ্যুত প্ৰকল্প নামনি অসমৰ লোকসকলৰ কাৰণে বিপদজনক ৷ গতিকে জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত এই সন্দৰ্ভত অসমৰ বিশেষজ্ঞ কমিটী সকলক দিব পৰাকৈ কোনো উত্তৰ নাই ৷

বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে ।২০১০ চনৰ ১৭ নৱেম্বৰত সেইসময়ৰ বিজেপি সভাপতি ৰাজনাথ সিঙে গেৰুকামুখ নামনি সোৱনশিৰী প্ৰকল্পৰ বিৰুদ্ধে ৰাজ্যৰ বিজেপিৰ আন্দোলনত ভাগ লৈছিল ।২০১৪ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী অভিযানত বৃহৎ নদী বান্ধৰ বিপৰীতে ক্ষুদ্ৰ নদী বান্ধৰ কথাহে উত্থাপন কৰিছিল।

২০১৪ চনত বিজেপি শাসনলৈ অহাৰ পিছত ডিচেম্বৰত এখন ত্ৰিপাক্ষীয় বৈঠক আযোজন কৰিলে ৷ নতুন দিল্লীত আয়োজন কৰা এই বৈঠকত আছু,অন্য সংগঠন,ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভাগ লৈছিল ।ইফালে ৰাজ্যৰ বিশেষজ্ঞ সমিতি আৰু নামনি সোৱনশিৰী জল বিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত কেন্দ্ৰৰ মতভেদৰ পিছত আৰু এখন ত্ৰিপাক্ষিক বৈঠক আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল যদিও আজিলৈকে সেই বৈঠক আয়োজন কৰা ন’হল। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমৰ লোকসকল এই বান্ধৰ প্ৰতি পৰিচিত।

অসমৰ লোকসকলৰ ৪০৫ মেগাৱাট ৰঙানদী প্ৰকল্প আৰু ভূটানৰ পৰা পানী এৰাৰ পিছৰ যি অভিজ্ঞতা, সেয়া সকলোৰে জ্ঞাত। গতিকে ২০০০ মেগাৱাট বান্ধে যে অসমৰ লোকসকলৰ পৰিস্থিতি শোচনীয় কৰিব সেয়া সত্য ৷গতিকে কেন্দ্ৰ ,ৰাজ্য আৰু বিদেশী বিশেষজ্ঞসকলে এই ক্ষেত্ৰত এখন বৈঠক আয়োজিত কৰিব লাগে ৷কিন্তু চৰকাৰে এনে ধৰণৰ বৈঠক আয়োজন কৰা সম্প্ৰতি স্তব্ধ কৰিলে ৷গতিকে নদী বান্ধৰ ক্ষেত্ৰত অসমৰ পিছৰ পৰিস্থিতি কি হ’ব সেয়া যথেষ্ট উল্লেখ্য ৷

অধিক খবৰৰ বাবে পঢ়ক: নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: CRPF seized 10 kg of Ganja in Sivasagar | The Sentinel News | Assam News

Next Story
চাকৰি