চুম্বন কৰি ৰঙা ঘৰলৈ যুৱক:কিন্তু মহিলাক নে পুৰুষক?

চুম্বন কৰি ৰঙা ঘৰলৈ যুৱক:কিন্তু মহিলাক নে পুৰুষক?

চুম্বন কৰি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক ৷ ৰ’ব চুম্বন কৰি ৰঙা ঘৰৰ আলহী হোৱা যুৱকজনে কিন্তু মহিলাক চুম্বন কৰি ৰঙা ঘৰলৈ যোৱা নাই ৷ এজন আৰক্ষীক চুম্বন কৰিহে ৰঙা ঘৰ পালেগৈ যুৱক জন।সচাঁকৈয়ে যুৱকজনৰ মৰসাহৰ কথা ক’বই লাগিব ৷ এজন কৰ্তব্যৰত আৰক্ষীক চুম্বন কৰিবলৈ লাগিব এক বিশেষ টেলেন্ট ৷ আৰক্ষীক চুম্বন কৰা এই ঘটনাটো হৈছে হায়দৰাবাদৰ ৷

এজন আৰক্ষীক চুম্বন কৰি ৰঙা ঘৰৰ আলহী হোৱা ভিডিঅ’টো সম্প্ৰতি সকলোতে ভাইৰেল হৈ পৰিছে ৷ ইফালে আৰক্ষীক চুম্বন কৰা ২৮ বছৰীয়া যুৱকজন হৈছে ব্যক্তিগত বেংকৰ কৰ্মচাৰী ৷ ঘটনা অনুসৰি বনালু ফেষ্টিভ্যেলৰ সময়ত যুৱকজন নৃত্য কৰি এজন আৰক্ষীক সাৱটি ধৰাৰ পিছতেই চুম্বন কৰে। আৰু আৰক্ষীগৰাকীয়ে যুৱকজনক থেলা মাৰি দিয়াৰ লগতে এটি থাপৰো দিয়ে। কিন্তু এই চুম্বনেই যেন কাল অমানিশা কঢ়িয়াই আনিলে যুৱকজনৰ জীৱনলৈ ৷

ইয়াৰ পিছত আৰক্ষীৰ প্ৰাথমিক তদন্ত প্ৰকাশ পোৱা তথ্য অনুসৰি যুৱকজন আছিল এটি ব্যক্তিগত বেংকত কৰ্মৰত কৰ্মচাৰী ৷ নাল্লকুন্টা আৰক্ষী চকীৰ অধীক্ষক মুৰুলীধৰে কোৱা অনুসৰি তেওঁ বেংক কৰ্মীৰ বিৰুদ্ধে আইপিচি ৩৫৩ ধাৰাৰ অধীনত এটি গোচৰ ৰজু কৰিছে ৷ আৰু অভিযুক্ত লোকজনক কৰায়ত্ত কৰিছে ৷ উল্লেখ্য যে বোনালু ফেষ্টিভেল হ’ল তেলেংগনাৰ বাৰ্ষিক উৎসৱ।গতিকে আৰক্ষীক চুম্বন কৰি ৰঙা ঘৰৰ আলহী হোৱা ঘটনাটো চৰ্চিত হোৱাৰ লগতে সকলোকে আমোদ দিয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com