মানকাছাৰত বানৰ তাণ্ডৱ: উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী

মানকাছাৰত বানৰ তাণ্ডৱ: উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী

ৰাজ্যৰ লগতে মানকাছাৰত সম্প্ৰতি বানৰ তাণ্ডৱ। বানে উটুৱাই নিছে ধন জনকে ধৰি সৰ্বস্ব ৷ বানে বিচ্ছিন্ন কৰিলে ভাৰত - বাংলাদেশ সীমান্তৰ পথ ৷ ইফালে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী ভাৰত - বাংলাদেশ সীমান্তৰ অসমৰ আলগাৰ কামাৰ পাৰাৰ সীমান্ত পথত ব্ৰহ্মপুত্ৰৰ বানে তাণ্ডৱ চলাই শিশুমাৰা - চাহাপাৰা সীমান্ত পথ বিচ্ছিন্ন কৰে ৷ মানকাছাৰত বানৰ বুজ ল’বলৈ উপস্থিত হয়গৈ মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷

অন্যহাতে আজি দিনৰ ১ বজাত মানকাছাৰৰ বানপানীৰ সীমান্ত পথটোৰ 1051-2/s নম্বৰৰ পিলাৰৰ কাষৰ এটা গাঁতেদি ব্ৰহ্মপুত্ৰ নদীৰ পানী সোমাই খহনীয়াৰ সৃষ্টি কৰি সুৰংগৰ সৃষ্টি কৰে। এই সুৰংগয়েদি পানী সোমাই পথটো বিচ্ছিন্ন কৰে। যাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল ।লগতে পথটো বিছিন্ন হোৱাৰ পিছত বি এছ এফৰ বিষয়া- জোৱান, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ইফালে, মানকাচৰৰ প্ৰায় প্ৰতিটো গাওঁ পঞ্চায়তৰ এক বৃহৎ এলেকা বানৰ কৱলত পৰি বুৰ যোৱাৰ আশংকাত স্থানীয় ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত কয় যে মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশ মৰ্মে মই ইয়াত উপস্থিত হৈছো ৷ বানপানীৰ লগত কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে এক স্পষ্টীকৰণ লোৱাৰ কথাও ব্যক্ত কৰে।

লগতে জিলাখনৰ উপায়ুক্ত,জিলা প্ৰশাসনৰ লগত আলোচনা কৰি বানৰ পানীৰ সমস্যাটোক সমাধান কৰাৰ কথাও প্ৰকাশ কৰে । লগতে মানকাছাৰৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বান পৰিদৰ্শন কৰাৰ সময়ত জিলা উপায়ুক্ত আতিকা ছুলতানা , বিধায়ক ড° মতিউৰ ৰহমান মণ্ডল , প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ লগতে জিলা প্ৰশাসনক উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com