Begin typing your search above and press return to search.

পদ্ম বিভূষণ সন্মানেৰে উত্তৰ পূবলৈ এক বিৰল সন্মান কঢ়িয়াই আনিছে মেৰী কমে

পদ্ম বিভূষণ সন্মানেৰে উত্তৰ পূবলৈ এক বিৰল সন্মান কঢ়িয়াই আনিছে মেৰী কমে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2019 8:20 AM GMT

উত্তৰ পূবৰ লগতে অসমবাসীৰ কাৰণে আন এক সুখবৰ ৷ ক্ৰীড়া মন্ত্ৰ্যালয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে উত্তৰ পূবৰ মেৰী কমৰ নাম পদ্মবিভূষণৰ কাৰণে প্ৰস্তাৱ ৰখা হৈছে ৷ দেশৰ দ্বিতীয়গৰাকী সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণৰ কাৰণে প্ৰথমবাৰলৈ এগৰাকী মহিলা খেলুৱৈ হিছাপে ছবাৰৰ কাৰণে বিশ্ব চেম্পিয়ন মেৰী কমৰ নাম প্ৰেৰণ কৰা হৈছে ৷

ইফালে ক্ৰীড়া মন্ত্ৰ্যালয়ে ৯ গৰাকী এথলীটৰ নাম প্ৰেৰণ কৰিছে ৷ আৰু উল্লেখযোগ্য যে ক্ৰীড়া মন্ত্ৰযালয়ৰ আটাই কেইগৰাকী এথলীট হৈছে মহিলা ৷ ক্ৰীড়া মন্ত্ৰ্যালয়ে পদ্মবিভূষণৰ কাৰণে প্ৰেৰণ কৰা মেৰী কম ছবাৰকৈ বিশ্ব চেম্পিয়ন হৈছিল। মণিপুৰী বক্সাৰগৰাকীয়ে ২০১২ চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল ।

আনহাতে মেৰীকমৰ লগতে পদ্ম পুৰস্কাৰ কাৰণে কৰা ৯ গৰাকী খেলুৱৈয়ে মহিলা। দেশৰ তৃতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্ম ভূষণৰ কাৰণে ২০১৭ চনতো পিভি সিন্ধুৰ নাম প্ৰস্তাৱ কৰা হৈছিল ৷ কিন্তু পি ভি সিন্ধুয়ে অন্তিম সূচীত স্থান লাভ কৰিব পৰা নাছিল।পদ্মবিভূষণ সন্মান এইপৰ্যন্ত তিনিজন পুৰুষ খেলুৱৈ ডাবা চেম্পিয়ন বিশ্বনাথন আনন্দ, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু পৰ্বতাৰোহী ছাৰ এডমাণ্ড হিলাৰীক প্ৰদান কৰা হৈছে। ২০০৭চনত আনন্দে, ২০০৮চনত শচীন তেণ্ডুলকাৰে আৰু ২০০৮চনতে মৰণোত্তৰ হিচাপে এডমাণ্ড হিলাৰীক এই সন্মান দিয়া হৈছিল।

উল্লেখ্য যে মনিপুৰৰ প্ৰখ্যাত বক্সাৰ মেৰী কমে বিগত সময়ত ইণ্ডোনেছিয়াত আয়োজিত লাবুৱান বাজুত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেছিডেন্টছ কাপ বক্সিঙত এম চি মেৰী কমে (৫১) কেজি সোণৰ পদক লাভ কৰে ।

আনহাতে অক্টোবৰত হ’ব লগীয়া বিশ্ব চেম্পিয়ন শ্বিপৰ প্ৰস্তুতি হিছাপে প্ৰেছিডেন্ট কাপত ভাগ লৈ মেৰী কমে মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ফ্ৰেংকছ এপ্ৰেলক পৰাস্ত কৰে ৫-০ ব্যৱধনাত ৷ টুৰ্নামেন্টখনত শ্ৰেষ্ঠ দলৰ সন্মান পোৱা ভাৰত লাভ কৰে সাতটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক ৷

লগতে মেৰী কমে এই সাফল্যত প্ৰেৰণা দিয়া সকলোকে ধন্যবাদ জনায় ৷মেৰীকমে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়নচিপ খিতাপ দখল কৰা প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ৩৫ বছৰীয়া ভাৰতৰ বহু যুজৰ নায়িকা মহিলা বক্সাৰ গৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত ইউক্ৰেণৰ ২২ বছৰীয়া বক্সাৰ হান্না ওখোতাক পৰাস্ত কৰি বিশ্ব জয়ৰ খিতাপ নিজৰ দখলত আনিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে মেৰিকমে ২০০২,২০০৫,২০০৬,২০০৮ আৰু ২০১০ চনত পাঁচ বাৰ বিশ্বচেম্পিয়নচিপত সোণৰ পদক জয় কৰিছিল। মেৰীকমৰ এই বিশ্বজয়ৰ সফলতাই গৃহৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ দেশত উছাহৰ ধল বোৱাইছে।খেলৰ শেষত মেৰীকমে খেল উপভোগ কৰিব অহা প্ৰতিজন দৰ্শকক খেলৰ সময়ত জনোৱা উৎসাহ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অন্য খবৰৰ বাবে পঢ়ক: পি ভি সিন্ধুৰ পিছত পুনৰ বক্সাৰ মেৰী কমৰ আন এক সাফল্য

ভিডিঅ প্ৰতক্ষ্য কৰক:Indian Flapshell Turtle rescued in Biswanath | The Sentinel News | Assam News

Next Story
চাকৰি