পুৰুষৰ প্ৰবেশ নিষিদ্ধ এখন হোটেল , কেৱল মহিলাইহে কৰিব পাৰিব প্ৰৱেশ

পুৰুষৰ প্ৰবেশ নিষিদ্ধ এখন হোটেল , কেৱল মহিলাইহে কৰিব পাৰিব প্ৰৱেশ

পুৰুষৰ প্ৰবেশ নিষিদ্ধ এখন হোটেল , কেৱল মহিলাইহে কৰিব পাৰিব প্ৰৱেশ । স্পেইনৰ চহৰ মিনাৰ্কোট আৰম্ভ হৈছে প্ৰথম খন মহিলা হোটেল । মহিলাৰ বাবে আৰম্ভ হোৱা এই বিশেষ হোটেল খনৰ নাম সোম ডোনা। এই হোটেল খনত মহিলাৰ বাবে বিশেষ সা সুবিধাৰ ব্যৱস্থা কৰা হৈছে । ১৪ বছৰীয়া আৰু তাতকৈ অধিক বয়সৰ মহিলাৰ বাবে এই হোটেল খনত ৩৯ টা ৰুম , পুল , স্পা , পুথিভঁৰাল আৰু ছাদ ও আছে ।

মহিলাৰ বাবে আৰম্ভ হোৱা এই হোটেল খনত মহিলা সকলে দৈনিক জীৱনৰ কৰ্ম ব্যস্ততাৰ মাজত অলপ এই হোটেল খনত আহি সময় সকাহ পায় । লগতে হোটেলৰ বিভিন্ন সা সুবিধাৰ আনন্দ লৈ মহিলা সকলে বাহিৰৰ জগতৰ পৰা সম্পূৰ্ণ দূৰত আহিব পাৰিব । মহিলা সকলৰ আৰাম আৰু সা সুবিধাৰ বাবে বিভিন্ন কল্যাণ মুলক পেলায় ব্যৱস্থাও আছে এই হোটেল খনত। মহিলা সকলৰ বাবে বিভিন্ন ধৰণৰ চিকিৎসাও উপলব্ধ আছে এই হোটেল খনত। তাৰোপৰি স্থানীয় খাদ্য ও বিশেষ আকৰ্ষণ হ'ব এই হোটেল খনৰ বাবে।

হোটেলৰ এটা ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি যদি মহিলা সকলে বিচাৰে তেতিয়া তেওলোকে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীটো অংশগ্ৰহণ কৰিব পাৰিব। লগতে এই হোটেল খনত সকলো ধৰনৰ মহিলায়ে প্ৰৱেশ কৰিব পাৰিব । এই হোটেল খনত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ ভাৱে নিষিদ্ধ ।হোটেলৰ সভাপতি জন এনৰিক কেপেলাই কৈছে যে এই হোটেল প্ৰতিষ্ঠাৰ উদ্দেশ্য হ'ল সকলে দিশৰ লগতে যাতে মহিলা সকলে পাৰম্পৰিক দিশটো পুৰুষৰ সমানে আগবাঢ়িব পাৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandmari Rajahuwa Puja Samiti, Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com