#Metoo প্ৰসংগক লৈ উত্তাল সমগ্ৰ বলীউড। এইবাৰ #Metooৰ ধুমুহা বলিছে ক্ৰিকেট জগতত। অভিযোগ উত্থাপিত হৈছে বিচিচিআইৰ সঞ্চালক ৰাহুল জহৰিৰ বিৰুদ্ধে। লেখিকা হৰনীধ কৌৰে আনিছে এই অভিযোগ। এটা টুইটাৰৰ পোষ্টত হৰনীধ কৌৰে উল্লেখ কৰিছে ৰাহুল জহৰিৰ নাম।
উল্লেখ্য় যে, ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সঞ্চালক হোৱাৰ পূৰ্বে ডিস্ক'ভাৰী চেনেলত কৰ্মৰত আছিল ৰাহুল জহৰি । সেই সময়তে চাকৰি প্ৰদানৰ অজুহাতত হৰনীধ কৌৰক সাক্ষাৎকাৰ কৰি অশ্লীল প্ৰস্তাৱ দিছিল ৰাহুল জহৰিয়ে।