Begin typing your search above and press return to search.

মাথোঁ ২৪ ঘণ্টাত সমগ্ৰ দেশত তিনি শতাধিক ক’ৱিড আক্ৰান্ত চিনাক্ত

মাথোঁ ২৪ ঘণ্টাত সমগ্ৰ দেশত তিনি শতাধিক ক’ৱিড আক্ৰান্ত চিনাক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 April 2020 8:42 AM GMT

মাথোঁ ২৪ ঘণ্টাত সমগ্ৰ দেশত তিনি শতাধিক ক’ৱিড আক্ৰান্ত চিনাক্ত

মাথোঁ ২৪ ঘণ্টাৰ ভিতৰতে সমগ্ৰ দেশত তিনি শতাধিক নতুন ক’ৱিড-১৯ মহামাৰী আক্ৰান্ত চিনাক্ত হ’ল। ইয়াৰে ১৬জন অসমৰ বিভিন্ন স্থানৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশৰ বিভিন্ন স্থানত নতুনকৈ ৩২৮জন ক’ৱিড-১৯ পজিটিভ ধৰা পৰে। ফলত সম্প্ৰতি দেশত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,৯৬৫জনলৈ বৃদ্ধি পাইছে। তদুপৰি যোৱা ২৪ ঘম্টাত দেশৰ বিভিন্ন স্থানত এই মহামাৰীত আক্ৰান্ত ১২জন লোকৰ মৃত্যু হয়।ফলত ক’ৱিড-১৯ মহামাৰীত মৃত্যৰ সংখ্যা সম্প্ৰতি দেশত ৫০জনলৈ বৃদ্ধি পাইছে। আনহাতে, দেশত হঠাতে ক’ৱিড-১৯ মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আঁৰত দিল্লীৰ নিজামুদ্দিন দৰগাহৰ শেহতীয়া জামাত বুলি চিহ্নিত হ’বলৈ ধৰিছে। এই জামাতত অসমকে ধৰি দেশ-বিদেশৰ দুই সহস্ৰাধিক লোকে অংশ লৈছিল। অৱশ্যে আশাৰ বতৰা যে এই মহামাৰীত আক্ৰান্ত ১৫১জন লোক সুস্থ হৈছে। ইতিমধ্যে তেওঁলোকক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। কিন্তু দেশৰ নতুন নতুন স্থানলৈ এই মহামাৰী বিয়পি পৰিছে। নিজামুদ্দিনৰ জামাতত অংশ লোৱা বহুতে এই ৰোগ বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা নজনলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি