Begin typing your search above and press return to search.

মেগাষ্টাৰ অমিতাভ বচ্চনক মুম্বাইৰ পুলিছে কৰা শুভেচ্ছাই মন জয় কৰিব আপোনাৰ

মেগাষ্টাৰ অমিতাভ বচ্চনক মুম্বাইৰ পুলিছে কৰা শুভেচ্ছাই মন জয় কৰিব আপোনাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2019 11:29 AM GMT

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক দাদা চাহাব ফাল্কে বটাঁ দিয়াৰ কথা ঘোষণা কৰাৰ পিছত ছ’চিয়েল মিডিয়াত চলচ্চিত্ৰ প্ৰেমী তথা অনুৰাগীসকলৰ লগতে বহু ৰথী মহাৰথীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰ মাজতে বিশেষকৈ প্ৰাধান্য পাইছে মুম্বাই পুলিছৰ এটা বিশেষ মিমীয়ে। ১৯৭৩ চনত মুক্তি পোৱা ছুপাৰহিট ছবি "জঞ্জিৰ"ৰ জনপ্ৰিয় চৰিত্ৰ ইন্সপেক্টৰ বিজয়ৰ এখন ফ’টো শ্বেয়াৰ কৰি টুইটাৰত এটি মিমী প্ৰস্তুত কৰিছে মুম্বাইৰ পুলিছে ৷

https://twitter.com/MumbaiPolice/status/1176784368737538048

লগতে দাদা চাহাব বটাঁ ৰে সন্মানিত হোৱা অমিতাভ বচ্চনক নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণাদায়ক হিছাপে উপস্থাপন কৰিছে মুম্বাইৰ পুলিছে । ইফালে পুৰ্বতেও মুম্বাইৰ পুলিছে বিভিন্ন জনপ্ৰিয় ছবি বা অভিনেতাৰ মিমী প্ৰস্তুত কৰি পথ সুৰক্ষা বা বিভিন্ন কাৰণত ব্যৱহাৰ কৰিছিল। ব্যতিক্ৰম নহয় এইবাৰো ৷ সাম্প্ৰতিক সময়ত সমগ্ৰ দেশে যেতিয়া অমিতাভ বচ্চনক শুভেচ্ছা জ্ঞাপন কৰিছে ৷তেতিয়া মুম্বাইৰ আৰক্ষীৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনলৈ আগবঢ়োৱা এই শুভেচ্ছা সচাঁকৈয়ে উল্লেখ্যনীয় ৷

আনহাতে বলীউডৰ “বিগ বি”ক দাদা চাহেব ফাল্কে পুৰস্কাৰ দিয়াৰ সন্দৰ্ভত মংগলবাৰে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰ যোগে কয় যে অমিতাভ বচ্চনে আমাৰ দুটা প্ৰজন্মক মনোৰঞ্জন আৰু প্ৰেৰণা যোগাই আহিছে ৷ তেওঁক সৰ্বসন্মতি ক্ৰমে দাদা চাহেব ফাল্কে বটাঁৰ কাৰনে বাছনি কৰা হৈছে। এই খবৰক লৈ সমগ্ৰ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুখী । তেওঁলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷

ইফালে বলীউডৰ ছুপাৰষ্টাৰ তথা বিগ বি অমিতাভ বচ্চনে Angry Young Man পৰা পৰিৱৰ্তন হৈ শ্বাহেনশ্বাহৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷প্ৰায় পাঁচটা দশকত বলীউডৰ অভিনেতাগৰাকীয়ে ভাৰতীয় ছবি জগতলৈ যি অৱদান আগবঢ়াইছে সেয়া অতিকৈ উল্লেখ্যনীয়। অমিতাভ বচ্চনে ছবি জগতত পদাৰ্পণ কৰিছিল “সাত হিন্দুস্তানী” ছবিৰ জৰিয়তে ৷তাৰ পিছত আনন্দ ছবিত অভিনয় কৰে । ১৯৭৩ চনত প্ৰকাশ মেহৰাৰ জঞ্জিৰ ছবিত অভিনয় কৰে “বিগ বি”য়ে ৷

ইয়াৰ পিছত আৰু পিছলৈ চোৱা নাই অমিতাভ বচ্চনে ৷ কাৰণ ছবিখনত বচ্চনৰ Angry Young Manৰ চৰিত্ৰ,ষ্টাইল আদিয়ে চলচ্চিত্ৰ প্ৰেমীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ইফালে সফলতা আৰু বলীউডৰ বিগ বি অমিতাভ বচ্চন যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু বচ্চনৰ এই সফলতা এদিনতে লাভ কৰা নাছিল ৷ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতহে অমিতাভ বচ্চন সফলতাৰ সন্মুখীন হৈছিল ৷ আনহাতে অমিতাভ বচ্চনৰ বিভিন্ন ছবিসমূহৰ চৰিত্ৰসমূহক দৰ্শকে বিভিন্ন ধৰণে ভাল পায়। কিছুমান লোকে অমিতাভ বচ্চনক দীৱাৰ , জঞ্জিৰ,ডন আৰু শ্ব’লে আদি ছবিৰ চৰিত্ৰসমূহত কৰা অভিনয়ৰ কাৰণে ভাল পায় ।কিছুমানে তেওঁক ব্লেক,পা আৰু পিকু ছবিৰ চৰিত্ৰৰ কাৰণে ভাল পায়। কিছুমান দৰ্শকে আকৌ অমিতাভ বচ্চনক ভাল পায় কমেডী চৰিত্ৰৰ কাৰণে।

ইফালে সম্প্ৰতি অমিতাভ বচ্চন ব্যস্ত আছে কৌন বনেগা কৌড় পতি অনুষ্ঠানত। বলীউডৰ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাহেব বটাঁ ঘোষণা হোৱাৰ পিছতেই সকলোৱে বি বিগ অভিনন্দন জ্ঞাপন কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: পুত্ৰ অভিষেক বচ্চনক উদ্দেশ্য কৰি পিতৃ অমিতাভ বচ্চনৰ এটি বিশেষ প’ষ্ট

ভিডিঅ প্ৰতক্ষ্য কৰক:Three Excise officials die in Sumo-Dumper collision in Golaghat | The Sentinel News | Assam News

Next Story
চাকৰি