Begin typing your search above and press return to search.

বানপীড়িত অঞ্চলৰ পৰা প্ৰায় ৪৫০০ বানাক্ৰান্তক উদ্ধাৰ এন ডি আৰ এফৰ

বানপীড়িত অঞ্চলৰ পৰা প্ৰায় ৪৫০০ বানাক্ৰান্তক উদ্ধাৰ এন ডি আৰ এফৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 9:07 AM GMT

বানপীড়িত অঞ্চলৰ পৰা প্ৰায় ৪৫০০ বানাক্ৰান্তক উদ্ধাৰ এন ডি আৰ এফৰ ৷ অসমত বিগত সপ্তাহত হৈ থকা ধাৰাষাৰ বৰষূণৰ কাৰণে ৰাজ্যৰ প্ৰায় ৩০খন জিলাৰ ধনশিৰী,পুঁথিমাৰি,বেকী,বৰাক,কটাখাল,কুশিয়াৰা,কপিলী আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ জলস্তৰ বৃদ্ধি হৈছে ৷ এই অপ্ৰত্যাশিত বানে বানাক্ৰান্ত লোকসকলক সম্প্ৰতি নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে ৷ চলিত বৰ্ষৰ ১১ আৰু ১৬ জুলাইত বাক্সা,মৰিগাঁৱ, গোলাঘাট,কামৰূপ গ্ৰামীণৰ পৰা প্ৰায় ৪৫০০ বানে প্ৰভাৱিত কৰা লোকক উদ্ধাৰ কৰিছে ৷

এই বানত সম্প্ৰতি এন ডি আৰ এফৰ ৩৮০ জনীয়া এটা দলে অসমৰ বানত সৰ্বস্ব হেৰুৱা লোকসকলক উদ্ধাৰ কৰিছে ৷ এন ডি আৰ এফ দলে মৰিগাঁও,গোলাঘাট, বাক্সা,কামৰূপ গ্ৰামীণ আৰু বৰপেটাৰ পৰা ৪৫০০ লোকক উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি উদ্ধাৰ কাৰ্য অব্যাহত আছে ৷ এই মন্তব্য এন ডি আৰ ডি বিষয়া আৰ এচ গিলৰ ৷

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বাক্সা,মৰিগাঁৱ,কামৰূপ,গোলাঘাট, আৰু বৰপেটাত বহু সংখ্যক লোক বাসগৃহ উটুৱাই লৈ যায় লগতে লৈ যায় শস্যৰ খেতি পথাৰ ৷ আনহাতে বহু অঞ্চল জল মগ্ন হোৱাৰ কাৰণে ৪৫০০ জন লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ৷ লগতে বানাক্ৰান্তসকলক সাহাৰ্য্য দিয়াৰ কাৰণে জিলা প্ৰশাসনে সহায় কৰিছে ৷

ইফালে বঙাইগাঁও,বৰপেটা, বাক্সা,গুৱাহাটী, শিলচৰ,যোৰহাট, গোলাঘাট আৰু মৰিগাঁৱত ১৫ টা দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷গুৱাহাটীতো ২৪ ঘন্টাই এন ডি আৰ এফ দলে সকলোতে যাতে বান অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে সস্ত্ৰম হৈছে ৷ এন ডি আৰ এফৰ ১৫ জনীয়া দলে,৩৮ জন চালক আৰু ৪৮ খন নাওেৰে বান পীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

প্ৰলয়ংকাৰী বানৰ কৱলত সমগ্ৰ ৰাজ্য । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কৱলত মহানগৰীৰ চুনচালি অঞ্চলো। অনাহাৰে অনিদ্ৰায়ে দিন কটাব লগিয়া হৈছে চুনচালি বাসিয়ে ।একেৰাহে বৰষুণ হৈ থকা ফলত চাৰিদিন ধৰি বানৰ কৱলত অঞ্চলতো । জনসাধাৰণৰ দুৰ্যোগৰ সময়ত প্ৰশাসন তথা চৰকাৰৰ কোনো লোকে খবৰ নোলোৱাৰ গুৰুত্বৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ।

চুনচালি অঞ্চলৰ ঘৰৰ মুধচলৈকে পানী। অনাহাৰে দিন নিশা কটাব লগীয়া হৈছে বানাক্ৰান্ত লোকসকল। বানৰ কৱলত পৰাৰ ফলত অঞ্চলটোৰ ৫০ ঘৰ মানুহৰ জাৰ্চি গাইকে ধৰি প্ৰায় ৬০০ গৰু ৰাস্তাতে বান্ধিবলগীয়া হৈছে। ঘাঁহৰ অভাৱত ভোকত কটাবলগীয়া হৈছে পশুধন।সমান্তৰালকৈ গুৱাহাটী উজান বজাৰৰ মাছৰ বজাৰ পানীৰ তলত । সমগ্ৰ ৰাজ্যতে চৌদিশে হাহাকাৰ বানাক্ৰান্তৰ ।বানৰ কৱলত চূনচালি ফেৰী ঘাট, সুৰুজনগৰকে ধৰি অন্য বহুতো অঞ্চল।

অন্য খবৰৰ বাবে পঢ়ক: বানপানীত ক্ষতিগ্ৰস্থ ইণ্ডো- বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰ

Next Story
চাকৰি