দেশৰ বিকাশৰ কাৰণে উত্তৰ পূবৰ বিকাশ আৱশ্যকীয়ঃ ৰাজ্যপাল জগদীশ মুখী

দেশৰ বিকাশৰ কাৰণে উত্তৰ পূবৰ বিকাশ আৱশ্যকীয়ঃ ৰাজ্যপাল জগদীশ মুখী

ৰাজ্যপাল জগদীশ মুখীয়ে মন্তব্য কৰে যে উত্তৰ পূবৰ বিকাশৰ অবিহনে ভাৰতৰ বিকাশ সম্ভৱ নহয়। প্ৰাকৃতিক সংশোধন,জনশক্তি আৰু উত্তৰ পূবৰ বিকাশ সন্দৰ্ভত বুধবাৰে ক’হিমাৰ চেন্ট জোছেফ কলেজত ছাত্ৰ ছাত্ৰীসকলৰ লগত হোৱা কথা বাৰ্তাত ৰাজ্যপাল মুখীয়ে কয় যে উত্তৰ পূবৰ বিকাশ হলেও ভাৰতৰ বিকাশ হ’ব। উত্তৰ পূবৰ বিকাশ আছিয়ান দেশসমূহৰ লগত সম্পৰ্ক আছে। ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবৰ বিকাশৰ কাৰণে পদক্ষেপ লৈছে ৷লগত বিভিন্ন নীতিৰ আৰম্ভ কৰিছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰত গুৱাহাটী আৰু ঢাকৰ মাজত স্পাইচ জেটৰ পোনপটীয়া বিমানসেৱাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিছাপে ভাগ লয় ৷ আইএচিএচৰ অন্তৰ্গত এই বিমান সেৱাই প্ৰতিদিনে চলিব ৷এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটীক আমি দক্ষিণ পূব এছিয়া আৰু আছিয়ান দেশসমূহৰে প্ৰধান কেন্দ্ৰ হিছাপি গঢ়ি তুলিব লাগিব ।

পূৰ্বতে এই অঞ্চলটো যাতায়ত,যোগাযোগ, উন্নয়নকে ধৰি সকলো ক্ষেত্ৰত পিছপৰি আছিল ৷কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শাসনলৈ আহি উত্তৰ পূবৰ সৰ্বাঙ্গীন বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাই নহয়,বিগত সময়ছোৱাত নিজে ২৭ বাৰ উত্তৰ পূব ভ্ৰমণ কৰাৰ লগতে প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক তিনিমাহত কমেও এবাৰ হলেও উত্তৰ পূৱ ভ্ৰমণ কৰি, উন্নয়নৰ বুজ ল’বলৈ নিৰ্দেশ জাৰি কৰে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে যে উত্তৰ পূবৰ বিকাশ হলেহে দেশৰ বিকাশ হ’ব ৷ যাৰ কাৰণে অসমৰ সৰ্বাঙ্গীন উন্নতিৰ ক্ষেত্ৰত সহায়ক হ’ব ৷

ইফালে মুখ্যমন্ত্ৰী সোনোৱালে কেন্দ্ৰীয় চৰকাৰক গুৱাহাটী আৰু আছিয়ান তথা বি বি এন দেশসমূহৰ ৰাজধানীৰ সৈতে উড়ানৰ দৰে আঁচনিৰ জৰিয়তে বিমান সেৱাৰ কাৰণে আহ্বান জনাইছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় ভাইয়েবিলিটী গেপ ফাণ্ডিঙৰ বাবে অসম চৰকাৰে তিনি বছৰৰ বাবে ১০০ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ আগন্তুক কিছুমাহৰ ভিতৰত গুৱাহাটী আৰু বেংককৰ মাজত আন এখন বিমান সেৱা আৰম্ভ হোৱাৰ উপৰি কাঠমাণ্ডু,য়াংগুন,হানই আৰু কুৱালালামপুৰৰ মাজতো প্ৰত্যক্ষ বিমানসেৱা আৰম্ভ হ’ব ৷

অন্যহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে উত্তৰ পূবক অষ্ট লক্ষ্মীৰ তুলনা কৰি এক নতুন কাহিনী তৈয়াৰ কৰিছে আৰু এ ফৰ আসাম শীৰ্ষক এটি শ্ল’গান আৰম্ভ কৰিছে ৷ লগতে এক্ট ইষ্ট প’লিছীৰ মাধ্যমেৰে দক্ষিণ পূৱ এছিয়াৰ সৈতে সন্নিবিষ্ট হ’বৰ কাৰণে নতুন পথ মুকলি কৰিছে ৷ সোনোৱালে কয় যে অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী সম্প্ৰতি বৰঝাৰৰ পৰা আৰবকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com