Begin typing your search above and press return to search.

বৰ্তমানেও সন্ধান নাই ভাৰতীয় বায়ু সেনাৰ AN-32 বিমান, ইছৰ'য়ে উপগ্ৰহৰ সহায়ৰে অভিযান

বৰ্তমানেও সন্ধান নাই ভাৰতীয় বায়ু সেনাৰ AN-32 বিমান, ইছৰয়ে উপগ্ৰহৰ সহায়ৰে অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 8:12 AM GMT

মংগলবাৰে যোৰহাটৰ পৰা উৰণ আৰম্ভ কৰা ভাৰতীয় বায়ু সেনাৰ AN-32 বিমান খন বৰ্তমানেও সন্ধানহীন । বিমান খনত ১৩ গৰাকী যাত্ৰী আছিল ।

ভাৰতীয় নৌ সেনাৰ দীৰ্ঘম্যাদী ৰেঞ্জৰ P8i এয়াৰ ক্ৰাফ্ট আৰু ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ উপগ্ৰহৰ যোগেদিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই বিমান খনৰ ।

সোমবাৰে ৰাছিয়াৰ অৰিজিন AN-32 বিমান খনে ১২.২৭ বজাত অসমৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ উৰা মাৰিছিল । কিন্তু উৰনৰ কিছু সময়ৰ পাছতে ১.৩০ বজাত বিমান খনৰ লগত যোগাযোগ বিচ্ছিন্ন হয় ।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ আৰু উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে প্ৰকাশ কৰে যে ,"সন্ধান উলিয়াবলৈ অভিযান চলি আছে। উদ্ধাৰ অভিযান সেনাৰ লগতে, ভাৰত-তিব্বত সীমান্তৰ আৰক্ষী আৰু চৰকাৰী, অসামৰিক এজেঞ্চীয়ে চলাই আছে । বৰ্তমানলৈকে বিমান খনৰ সন্ধান লাভ কৰা নাই । "

মুখ্য বায়ু বিষয়া কমাণ্ডৰ , পূৰ্বৰ বায়ু কামাণ্ডাৰ, এয়াৰ মাৰচেল আৰ ডি মাথুৰ যোৰহাটৰ বিমান বন্দৰৰ পৰা সন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । তেওঁ লগতে সন্ধানহীন বায়ুসেনাৰ বিষয়া সকলৰ পৰিয়ালৰ সৈতে আলোচনা কৰিছে ।

মাথুৰে লগতে ভাৰতীয় সেনা, ভাৰত-তিব্বত সীমান্ত আৰক্ষী আৰু অসামৰিক এজেঞ্চী সমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰে ।

নৌ সেনাৰ এয়াৰ ক্ৰাফ্ট আই এন এচ ৰাজালি তামিল নাডুৰ পৰা আৰম্ভ কৰিছে আৰু ইয়াৰ লগতে উদ্ধাৰ অভিযানত ইলেকট্ৰ অপটিকে আৰু ইনফ্ৰা ৰেড চেনচৰে যোৰহাট আৰু মেচুকাৰ মাজৰ অৰন্য অঞ্চলত অভিযান অব্যাহত ৰাখিছে ।

ইছৰ'য়ে RISAT ৰ যোগেদি ফটো সংগ্ৰহৰ ক্ষেত্ৰত অভিযান চলাইছে । সোমবাৰে C-130 আৰু AN-32 এয়াৰ ক্ৰাফ্ট , দুখন MI-17 আৰু সেনাৰ ALH হেলিকপ্টাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল । কিন্তু বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই বিমান খনৰ ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি